🔴 ব্ৰেকিং নিউজ
প্ৰথম পৃষ্ঠা › অসম › উৰ্বশী ফুকনৰ কাব্যগ্ৰন্থ উন্মোচন
অসম

উৰ্বশী ফুকনৰ কাব্যগ্ৰন্থ উন্মোচন

নৱপ্ৰজন্মৰ কবি উৰ্বশী ফুকনৰ প্ৰথমখন কবিতা সংকলন ‘তোমাৰ পৰাই আৰম্ভ’ ৪ অক্টোবৰ, ২০২৬ত আনুষ্ঠানিকভাৱে উন্মোচন কৰা হয়।

উৰ্বশী ফুকনৰ কাব্যগ্ৰন্থ উন্মোচন

নৱপ্ৰজন্মৰ কবি উৰ্বশী ফুকনৰ প্ৰথমখন কবিতা সংকলন ‘তোমাৰ পৰাই আৰম্ভ’ ৪ অক্টোবৰ, ২০২৬ত আনুষ্ঠানিকভাৱে উন্মোচন কৰা হয়।পূৰ্বায়ন প্ৰকাশনৰ দ্বাৰা প্ৰকাশিত কাব্য সংকলনখন উন্মোচন কৰে বিশিষ্ট কবি নীলিম কুমাৰ, জ্যেষ্ঠ সাংবাদিক সঞ্জীৱ কুমাৰ ফুকন, জিতুমণি বৰা আৰু দেৱজিৎ ভূঞাই।মাতৃত্বৰ এক গভীৰ অনুভৱক কেন্দ্ৰ কৰি ৰচনা কৰা হৈছে ‘তোমাৰ পৰাই আৰম্ভ’ৰ কবিতাসমূহ। এগৰাকী মাতৃয়ে গৰ্ভধাৰণৰ সময়ৰ পৰা সন্তানৰ জন্মলৈকে লাভ কৰা অনুভৱ, অভিজ্ঞতা, আশা-আকাংক্ষা আৰু মানসিক পৰিৱৰ্তনৰ বিভিন্ন দিশ কবিগৰাকীয়ে কবিতাৰ ভাষাৰে সংবেদনশীলভাৱে প্ৰকাশ কৰিছে।গ্ৰন্থখন উন্মোচন কৰি মুখ্য অতিথি বিশিষ্ট কবি নীলিম কুমাৰে উৰ্বশী ফুকনৰ এই প্ৰচেষ্টাক এক ব্যতিক্ৰমী আৰু অভিনৱ প্ৰয়াস হিচাপে অভিহিত কৰে। অসমীয়া কাব্য সাহিত্যত এনে বিষয়ক কেন্দ্ৰ কৰি পূৰ্বতে বিশেষভাৱে কোনোবাই এনে ধৰণেৰে কাব্য সংকলন প্ৰকাশ কৰা নাই বুলিও তেওঁ মন্তব্য কৰে।নৱীন

কবিগৰাকীৰ এই সৃষ্টিশীল যাত্ৰা অব্যাহত থাকিব বুলি আশা প্ৰকাশ কৰি নীলিম কুমাৰে ভৱিষ্যতে বিভিন্ন বিষয়কো কবিতাৰ মাধ্যমেৰে তুলি ধৰিবলৈ পৰামৰ্শ আগবঢ়ায়। মাতৃত্বৰ দৰে এক গভীৰ আৰু অনুভূতিপ্ৰৱণ বিষয়ক কাব্যিক ৰূপ দিয়াৰ বাবে তেওঁ কবিগৰাকীক শুভেচ্ছা জ্ঞাপন কৰে।উল্লেখ্য যে, ‘তোমাৰ পৰাই আৰম্ভ’ৰ জৰিয়তে উৰ্বশী ফুকনে মাতৃত্বৰ অনুভৱ আৰু অভিজ্ঞতাক এক সুকীয়া কাব্যিক দৃষ্টিৰে পাঠকৰ সন্মুখলৈ আগবঢ়াইছে।

🗞️ ছপা সংস্কৰণ আৰু ই-বাতৰি
এই বাতৰি আজিৰ সম্পূৰ্ণ ৮ পৃষ্ঠাৰ ডিজিটেল ই-বাতৰিত পঢ়ক

সম্পূৰ্ণ সংবাদপত্ৰৰ ৰূপত আল্ট্ৰা-এইচডি জুম আৰু PDF ডাউনলোড সুবিধা।

এই সংবাদ শ্বেয়াৰ কৰক:
WhatsApp X (Twitter) Facebook

অসম বিভাগৰ অধিক সংবাদ