🔴 ব্ৰেকিং নিউজ
প্ৰথম পৃষ্ঠা › উত্তৰ-পূব › উখৰুলত চাৰিজন লোকক হত্যাৰ ঘটনাক গৰিহণা উপ-মুখ্য...
উত্তৰ-পূব

উখৰুলত চাৰিজন লোকক হত্যাৰ ঘটনাক গৰিহণা উপ-মুখ্যমন্ত্ৰীৰ

সংঘাতৰ অৱসানৰ বাবে আলোচনা আৰু সম্প্ৰীতিৰ আহ্বান লোছি দিখোৰ

উখৰুলত চাৰিজন লোকক হত্যাৰ ঘটনাক গৰিহণা উপ-মুখ্যমন্ত্ৰীৰ

অসম জাতিৰ খবৰ, ১৪ নৱেম্বৰঃ

মণিপুৰৰ উখৰুল জিলাৰ ইম্ফল-উখৰুল পথৰ নিউ হেভেনৰ সমীপত ১৩ নৱেম্বৰত সংঘটিত আক্ৰমণত চাৰিজন লোক নিহত হোৱা ঘটনাক তীব্ৰ গৰিহণা দিছে ৰাজ্যখনৰ উপ-মুখ্যমন্ত্ৰী লোছি দিখোৱে।

এই ঘটনাক লৈ গভীৰ উদ্বেগ প্ৰকাশ কৰি উপ-মুখ্যমন্ত্ৰীগৰাকীয়ে নাগৰিক সমাজৰ সংগঠন, গাঁও কৰ্তৃপক্ষ আৰু যুৱ নেতাসকলক আগবাঢ়ি আহি আলোচনাৰ মাধ্যমেৰে সমস্যাৰ সমাধানৰ পথ উলিয়াবলৈ আহ্বান জনায়।

তেওঁ সংঘাতৰ পৰিৱৰ্তে আলোচনা, পাৰস্পৰিক বুজাবুজি আৰু সম্প্ৰীতিৰ পৰিৱেশ গঢ়ি তোলাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। অঞ্চলটোত শান্তি আৰু স্বাভাৱিক পৰিস্থিতি ঘূৰাই অনাৰ বাবে সকলো পক্ষৰ সহযোগিতা কামনা কৰে।

🗞️ ছপা সংস্কৰণ আৰু ই-বাতৰি
এই বাতৰি আজিৰ সম্পূৰ্ণ ৮ পৃষ্ঠাৰ ডিজিটেল ই-বাতৰিত পঢ়ক

সম্পূৰ্ণ সংবাদপত্ৰৰ ৰূপত আল্ট্ৰা-এইচডি জুম আৰু PDF ডাউনলোড সুবিধা।

এই সংবাদ শ্বেয়াৰ কৰক:
WhatsApp X (Twitter) Facebook

উত্তৰ-পূব বিভাগৰ অধিক সংবাদ