🔴 ব্ৰেকিং নিউজ
প্ৰথম পৃষ্ঠা › উত্তৰ-পূব › মেঘালয়ত ডিজিটেল পৰিবহণ সেৱা আৰু বৈদ্যুতিক বাহন...
উত্তৰ-পূব

মেঘালয়ত ডিজিটেল পৰিবহণ সেৱা আৰু বৈদ্যুতিক বাহনৰ ৰাজসাহায্য পৰ্টেল মুকলি

পথ সুৰক্ষাৰ বাবে ‘ছেভলাইফ ফাউণ্ডেচন’ৰ সৈতে বুজাবুজিৰ চুক্তি, তুৰাৰ বালজেক বিমানবন্দৰ উন্নয়নৰো পদক্ষেপ

মেঘালয়ত ডিজিটেল পৰিবহণ সেৱা আৰু বৈদ্যুতিক বাহনৰ ৰাজসাহায্য পৰ্টেল মুকলি

অসম জাতিৰ খবৰ, মেঘালয়, ১৯ নৱেম্বৰঃ

মেঘালয়ত পৰিবহণ ব্যৱস্থাৰ আধুনিকীকৰণ আৰু পথ সুৰক্ষা শক্তিশালী কৰাৰ লক্ষ্যৰে কেইবাটাও গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে। বৃহস্পতিবাৰে মুখ্যমন্ত্ৰী কনৰাড কে চাংমাই ডিজিটেল পৰিবহণ নাগৰিক সেৱা, ই-চালান ব্যৱস্থা আৰু বৈদ্যুতিক বাহনৰ ৰাজসাহায্যৰ বাবে অনলাইন পৰ্টেল মুকলি কৰে।

নতুন ডিজিটেল সেৱাৰ জৰিয়তে পৰিবহণ বিভাগৰ বিভিন্ন কাম-কাজ অধিক সহজ, স্বচ্ছ আৰু দ্ৰুত কৰাৰ লক্ষ্য লোৱা হৈছে। আনহাতে, ২০২৬ চনৰ মেঘালয় বৈদ্যুতিক বাহন নীতিৰ অধীনত মুকলি কৰা ৰাজসাহায্য পৰ্টেলৰ জৰিয়তে যোগ্য নাগৰিকে অনলাইনযোগে আবেদন কৰিব পাৰিব। যোগ্য বৈদ্যুতিক বাহন ক্ৰেতাক ২৫ হাজাৰ টকাৰ ৰাজসাহায্য প্ৰদান কৰাৰ লগতে বাহনৰ পঞ্জীয়ন মাচুল ৰেহাই দিয়াৰ ব্যৱস্থাও কৰা হৈছে।

ইয়াৰ উপৰি পথ সুৰক্ষা বৃদ্ধিৰ বাবে ৰাজ্য চৰকাৰে ‘ছেভলাইফ ফাউণ্ডেচন’ৰ সৈতে এখন বুজাবুজিৰ চুক্তি স্বাক্ষৰ কৰে। এই চুক্তিৰ অধীনত সজাগতা অভিযান, প্ৰাতিষ্ঠানিক দক্ষতা বৃদ্ধি, আইন প্ৰয়োগ আৰু তথ্যভিত্তিক পদক্ষেপৰ জৰিয়তে পথ দুৰ্ঘটনা হ্ৰাস কৰাৰ প্ৰচেষ্টা চলোৱা হ’ব।

আনহাতে, তুৰাৰ বালজেক বিমানবন্দৰৰ হস্তান্তৰ আৰু দায়িত্ব গ্ৰহণৰ সন্দৰ্ভত ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ সৈতেও মেঘালয় চৰকাৰে বুজাবুজিৰ চুক্তি স্বাক্ষৰ কৰিছে। এই পদক্ষেপে আঞ্চলিক বিমান সেৱা আৰম্ভ কৰাৰ লগতে ভৱিষ্যতে বৃহৎ বিমান চলাচলৰ উপযোগী আন্তঃগাঁথনি উন্নয়নৰ পথ প্ৰশস্ত কৰিব বুলি আশা কৰা হৈছে।

আঞ্চলিক সংযোগ বৃদ্ধি কৰাৰ লগতে গাৰো পাহাৰ অঞ্চলত পৰ্যটন, বাণিজ্য আৰু অৰ্থনৈতিক বিকাশৰ নতুন সম্ভাৱনা সৃষ্টি কৰাই এই পদক্ষেপসমূহৰ মূল লক্ষ্য।

🗞️ ছপা সংস্কৰণ আৰু ই-বাতৰি
এই বাতৰি আজিৰ সম্পূৰ্ণ ৮ পৃষ্ঠাৰ ডিজিটেল ই-বাতৰিত পঢ়ক

সম্পূৰ্ণ সংবাদপত্ৰৰ ৰূপত আল্ট্ৰা-এইচডি জুম আৰু PDF ডাউনলোড সুবিধা।

এই সংবাদ শ্বেয়াৰ কৰক:
WhatsApp X (Twitter) Facebook

উত্তৰ-পূব বিভাগৰ অধিক সংবাদ