তেজপুৰত ‘মায়াবিনী’ গীত পৰিৱেশনক লৈ বিতৰ্ক, দৰ্শকৰ সন্মুখত ক্ষমা খুজিলে শিল্পীয়ে
জুবিন গাৰ্গৰ জন্মদিন উপলক্ষে আয়োজিত অনুষ্ঠানত গীতৰ পৰিৱৰ্তিত ৰূপক লৈ একাংশ দৰ্শকৰ অসন্তুষ্টি
অসম জাতিৰ খবৰ, তেজপুৰ, ১৯ নৱেম্বৰঃ
প্ৰয়াত জনপ্ৰিয় শিল্পী জুবিন গাৰ্গৰ জন্মদিন উপলক্ষে বুধবাৰে তেজপুৰত আয়োজিত এক অনুষ্ঠানত তেওঁৰ কালজয়ী গীত ‘মায়াবিনী’ পৰিৱেশনক কেন্দ্ৰ কৰি বিতৰ্কৰ সৃষ্টি হয়। এগৰাকী যুৱ শিল্পীয়ে গীতটো পৰিৱেশন কৰাৰ পাছতে একাংশ দৰ্শকে অসন্তুষ্টি প্ৰকাশ কৰে।
সমৰ বৰা নামৰ শিল্পীগৰাকীয়ে মূল গীতটোৰ সুৰ আৰু পৰিৱেশনশৈলীত পৰিৱৰ্তন ঘটাই গীতটো পৰিৱেশন কৰা বুলি অভিযোগ উত্থাপন কৰে দৰ্শকৰ একাংশই। অনুষ্ঠানৰ আয়োজকেও মঞ্চৰ সন্মুখতে পৰিৱেশনক লৈ আপত্তি প্ৰকাশ কৰি শিল্পীগৰাকীক ৰাজহুৱাভাৱে ক্ষমা খুজিবলৈ কয়।
পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি সমৰ বৰাই উপস্থিত দৰ্শকৰ সন্মুখত ক্ষমা বিচাৰে। অৱশ্যে তেওঁৰ ক্ষমা প্ৰাৰ্থনাৰ পাছতো একাংশ দৰ্শকৰ অসন্তুষ্টি সম্পূৰ্ণৰূপে দূৰ নহ’ল বুলি জানিব পৰা গৈছে।
উল্লেখ্য যে, জুবিন গাৰ্গৰ গীতৰ সৈতে অসমৰ ৰাইজৰ গভীৰ আৱেগিক আৰু সাংস্কৃতিক সম্পৰ্ক আছে। বিশেষকৈ ‘মায়াবিনী’ৰ দৰে গীতে অসমৰ সংগীত জগতত বিশেষ স্থান দখল কৰি আহিছে। ইয়াৰ পূৰ্বেও জুবিনৰ গীতৰ মূল সুৰ বা পৰিৱেশনশৈলীত পৰিৱৰ্তন অনাৰ প্ৰচেষ্টাক লৈ বিভিন্ন সময়ত শ্ৰোতাৰ মাজত আপত্তি দেখা গৈছে।
চলিত বৰ্ষৰ আৰম্ভণিতে বংগৰ শিল্পী মৰ্মিতা মিত্ৰই জুবিন গাৰ্গৰ এটা গীত পৰিৱেশন কৰাক লৈও বিতৰ্কৰ সৃষ্টি হৈছিল। পৰৱৰ্তী সময়ত কেইবাখনো বিহু উদযাপন সমিতিয়ে তেওঁৰ নিৰ্ধাৰিত অনুষ্ঠান বাতিল কৰিছিল।
সম্পূৰ্ণ সংবাদপত্ৰৰ ৰূপত আল্ট্ৰা-এইচডি জুম আৰু PDF ডাউনলোড সুবিধা।