গুৱাহাটীৰ উৰণ সেতুত ভয়ংকৰ দুৰ্ঘটনা, অট’চালকৰ মৃত্যু
তীব্ৰবেগী বাহনৰ খুন্দাত নিহত তপন কলিতা, সংকটজনক অৱস্থাত মহিলা যাত্ৰী
অসম জাতিৰ খবৰ, গুৱাহাটী, ২১ নৱেম্বৰঃ
গুৱাহাটীৰ আৰ্যনগৰস্থিত ড০ শ্যামাপ্ৰসাদ মুখাৰ্জী উৰণ সেতুত শনিবাৰে সংঘটিত ভয়ংকৰ পথ দুৰ্ঘটনাত অট’ৰিক্সাৰ চালক তপন কলিতাৰ মৃত্যু হয়। বশিষ্ঠ নিবাসী তপন কলিতাক সংকটজনক অৱস্থাত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰোৱা হৈছিল যদিও চিকিৎসাধীন অৱস্থাতে তেওঁৰ মৃত্যু হয়।
দুৰ্ঘটনাটোত অট’খনত যাত্ৰা কৰা গীতাঞ্জলি নামৰ এগৰাকী মহিলাও গুৰুতৰভাৱে আহত হয়। বৰ্তমান তেওঁ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ আছে।
প্ৰাপ্ত তথ্য অনুসৰি, তীব্ৰবেগী এখন চাৰিচকীয়া বাহনে অট’ৰিক্সাখনত প্ৰচণ্ড খুন্দা মৰাৰ ফলত বাহনখনৰ বিস্তৰ ক্ষতিসাধন হয়। দুৰ্ঘটনাত জড়িত বাহনখনৰ পঞ্জীয়ন নম্বৰ এ এছ ০১ এফ এল ৩৬৮৮। দুৰ্ঘটনাৰ সময়ত বাহনখনৰ চালকজন সুৰাপান কৰি আছিল বুলিও অভিযোগ উত্থাপন হৈছে।
খবৰ লাভ কৰি ফটাশিল আৰক্ষী থানাৰ আৰক্ষীৰ দল ঘটনাস্থলীত উপস্থিত হৈ বাহনখনৰ চালকজনক আটক কৰে। আৰক্ষী উপস্থিত হোৱাৰ পূৰ্বে ঘটনাস্থলীত সমবেত একাংশ উত্তেজিত লোকে চালকজনক প্ৰহাৰ কৰা বুলিও জানিব পৰা গৈছে।
পিছত উদ্ধাৰকাৰী বাহন আনি দুৰ্ঘটনাগ্ৰস্ত বাহন দুখন উৰণ সেতুৰ পৰা আঁতৰোৱা হয়। ঘটনাটোক কেন্দ্ৰ কৰি অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি হৈছে।
সম্পূৰ্ণ সংবাদপত্ৰৰ ৰূপত আল্ট্ৰা-এইচডি জুম আৰু PDF ডাউনলোড সুবিধা।