ৰাষ্ট্ৰসংঘত পাকিস্তান সেনাবাহিনীক ভাৰতৰ কঠোৰ সমালোচনা
ট্ৰাম্পৰ সৈতে বৈঠকত আছিম মুনিৰে খনিজ শিলৰ বাকচ প্ৰদৰ্শন কৰাৰ প্ৰসংগ উত্থাপন ভাৰতীয় প্ৰতিনিধিৰ
অসম জাতিৰ খবৰ, ১৯ নৱেম্বৰঃ
পাকিস্তানৰ প্ৰাকৃতিক সম্পদ দেশবাসীৰ কল্যাণৰ পৰিৱৰ্তে নিজৰ স্বাৰ্থত ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন কৰি ৰাষ্ট্ৰসংঘত পাকিস্তান সেনাবাহিনীক কঠোৰ সমালোচনা কৰিছে ভাৰতে। প্ৰাকৃতিক সম্পদ সন্দৰ্ভত অনুষ্ঠিত ৰাষ্ট্ৰসংঘৰ এখন বৈঠকত ভাৰতৰ প্ৰতিনিধি পাৰ্বতনেনি হৰিশে পাকিস্তানৰ সামৰিক নেতৃত্বৰ ভূমিকা প্ৰশ্নৰ সন্মুখীন কৰে।
ভাৰতীয় প্ৰতিনিধিগৰাকীয়ে পাকিস্তানৰ সেনাপ্ৰধান আছিম মুনিৰে যোৱা বছৰৰ ছেপ্টেম্বৰ মাহত বিদেশী নেতাসকলৰ সৈতে হোৱা এখন বৈঠকত খনিজ শিলেৰে ভৰ্তি কাঠৰ বাকচ প্ৰদৰ্শন কৰাৰ প্ৰসংগ উত্থাপন কৰে। তেওঁৰ মতে, এই ঘটনাই পাকিস্তানৰ প্ৰাকৃতিক সম্পদৰ ব্যৱহাৰত সেনাবাহিনীৰ প্ৰত্যক্ষ ভূমিকা থকাৰ ইংগিত দিয়ে।
হৰিশে কয় যে পাকিস্তানৰ প্ৰকৃত ক্ষমতাধাৰী সামৰিক বাহিনীয়ে দেশখনৰ প্ৰাকৃতিক সম্পদ নিজৰ স্বাৰ্থ পূৰণৰ পৰিৱৰ্তে জনসাধাৰণৰ কল্যাণত ব্যৱহাৰ কৰা উচিত।
ইয়াৰ জৰিয়তে ভাৰতীয় প্ৰতিনিধিগৰাকীয়ে পাকিস্তানৰ সামৰিক বাহিনীৰ ওপৰত দেশখনৰ প্ৰাকৃতিক সম্পদৰ ব্যৱস্থাপনাক লৈ প্ৰশ্ন উত্থাপন কৰে।
সম্পূৰ্ণ সংবাদপত্ৰৰ ৰূপত আল্ট্ৰা-এইচডি জুম আৰু PDF ডাউনলোড সুবিধা।
আন্তঃৰাষ্ট্ৰীয় বিভাগৰ অধিক সংবাদ
আন্তঃৰাষ্ট্ৰীয়
ৰোহিংগীয়া গণহত্যাৰ গোচৰত ম্যানমাৰক দোষী সাব্যস্ত কৰিলে আন্তঃৰাষ্ট্ৰীয় ন্যায়ালয়ে
আন্তঃৰাষ্ট্ৰীয়