🔴 ব্ৰেকিং নিউজ
প্ৰথম পৃষ্ঠা › অসম › ফিটনেছ আৰু বীমা অবিহনেই গুৱাহাটীৰ পথত ১০০খন বৈদ...
অসম

ফিটনেছ আৰু বীমা অবিহনেই গুৱাহাটীৰ পথত ১০০খন বৈদ্যুতিক বাছ!

অ’লেক্ট্ৰা বাছৰ নথি-পত্ৰক লৈ পৰিবহণ বিভাগৰ ভূমিকাত প্ৰশ্ন

ফিটনেছ আৰু বীমা অবিহনেই গুৱাহাটীৰ পথত ১০০খন বৈদ্যুতিক বাছ!

অসম জাতিৰ খবৰ, গুৱাহাটী, ২১ নৱেম্বৰঃ

গুৱাহাটীৰ ৰাজপথত পুনৰ চলাচল আৰম্ভ কৰিছে প্ৰায় ১০০খন অ’লেক্ট্ৰা বৈদ্যুতিক বাছে। কিন্তু বাছকেইখনৰ ফিটনেছ প্ৰমাণপত্ৰ আৰু বীমাৰ ম্যাদ উকলি যোৱাৰ অভিযোগক কেন্দ্ৰ কৰি নতুনকৈ বিতৰ্কৰ সৃষ্টি হৈছে। প্ৰয়োজনীয় নথি-পত্ৰ নবীকৰণ নকৰাকৈয়ে বাছসমূহ পুনৰ যাত্ৰীৰ সেৱাত নিয়োজিত কৰা হ’ল নেকি, তাক লৈও প্ৰশ্ন উত্থাপন হৈছে।

উপলব্ধ তথ্য অনুসৰি, ২০২৩ চনৰ ১৬ ডিচেম্বৰত বাছকেইখন পঞ্জীয়ন কৰা হৈছিল। সেই অনুসৰি, ২০২৫ চনৰ ১৫ ডিচেম্বৰত ফিটনেছ প্ৰমাণপত্ৰৰ ম্যাদ উকলি যায়। আনহাতে, ২০২৬ চনৰ ২১ মাৰ্চত বীমাৰ ম্যাদো শেষ হয়। তথাপি প্ৰয়োজনীয় নথি-পত্ৰৰ ম্যাদ উকলি যোৱাৰ পিছতো বাছসমূহে গুৱাহাটীৰ পথত যাত্ৰী কঢ়িয়াই নিয়াৰ অভিযোগ উত্থাপিত হৈছে।

পৰিবহণ বিভাগে চলোৱা ধাৰাবাহিক তালাচী অভিযানৰ সময়ত কেইবাখনো বাছ ৰখাই নিয়ম উলংঘাৰ অভিযোগত জৰিমনা বিহা বুলি জানিব পৰা গৈছে। ইয়াৰ পিছতে বাছসমূহ পৰিচালনা কৰা প্ৰতিষ্ঠানটোৱে দুদিনৰ বাবে বাছ চলাচল বন্ধ ৰাখিছিল। কিন্তু সেই বিৰতিৰ পিছত শনিবাৰে পুনৰ ৰাজপথলৈ উভতি আহে বাছকেইখন।

আন এক গুৰুতৰ অভিযোগ অনুসৰি, বাছৰ চালকসকলক প্ৰয়োজনীয় বাহনৰ নথি-পত্ৰ প্ৰদান কৰা হোৱা নাই। আনকি বাছ চলোৱাৰ বাবে কি কি নথি-পত্ৰ লগত ৰখাটো বাধ্যতামূলক, সেই বিষয়েও চালকসকলক পৰ্যাপ্ত তথ্য দিয়া হোৱা নাই বুলি অভিযোগ উঠিছে।

ফিটনেছ আৰু বীমাৰ ম্যাদ উকলি যোৱাৰ পিছতো কেনেদৰে ইমান বৃহৎ সংখ্যক বাছে যাত্ৰী কঢ়িয়াই নিয়াৰ সুযোগ পালে, তাক লৈ পৰিবহণ বিভাগ আৰু পৰিচালনাকাৰী প্ৰতিষ্ঠানটোৰ ভূমিকাত প্ৰশ্ন উত্থাপন হৈছে। পুনৰ চলাচল আৰম্ভ কৰাৰ পূৰ্বে নথি-পত্ৰসমূহ নবীকৰণ কৰা হৈছিল নে নাই, সেয়াও স্পষ্ট হোৱা নাই।

🗞️ ছপা সংস্কৰণ আৰু ই-বাতৰি
এই বাতৰি আজিৰ সম্পূৰ্ণ ৮ পৃষ্ঠাৰ ডিজিটেল ই-বাতৰিত পঢ়ক

সম্পূৰ্ণ সংবাদপত্ৰৰ ৰূপত আল্ট্ৰা-এইচডি জুম আৰু PDF ডাউনলোড সুবিধা।

এই সংবাদ শ্বেয়াৰ কৰক:
WhatsApp X (Twitter) Facebook

অসম বিভাগৰ অধিক সংবাদ