🔴 ব্ৰেকিং নিউজ
প্ৰথম পৃষ্ঠা › আন্তঃৰাষ্ট্ৰীয় › নেতানিয়াহুৱে প্ৰতিশ্ৰুতি ৰক্ষা কৰাৰ ইচ্ছা দেখু...
আন্তঃৰাষ্ট্ৰীয়

নেতানিয়াহুৱে প্ৰতিশ্ৰুতি ৰক্ষা কৰাৰ ইচ্ছা দেখুওৱা নাছিল: জ’ বাইডেন

প্ৰকাশ পাবলগীয়া আত্মজীৱনীত গাজাত ইজৰাইলৰ সামৰিক অভিযান আৰু সাধাৰণ নাগৰিকৰ মৃত্যুক লৈ অসন্তুষ্টি প্ৰকাশ প্ৰাক্তন মাৰ্কিন ৰাষ্ট্ৰপতিৰ

নেতানিয়াহুৱে প্ৰতিশ্ৰুতি ৰক্ষা কৰাৰ ইচ্ছা দেখুওৱা নাছিল: জ’ বাইডেন

অসম জাতিৰ খবৰ, ১৬ নৱেম্বৰঃ

ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহুৱে গাজাত সাধাৰণ নাগৰিকৰ মৃত্যু হ্ৰাস কৰাৰ প্ৰতিশ্ৰুতি বাৰে বাৰে দিছিল যদিও সেই অনুসৰি ব্যৱহাৰিক পদক্ষেপ গ্ৰহণ কৰা নাছিল বুলি অভিযোগ কৰিছে প্ৰাক্তন মাৰ্কিন ৰাষ্ট্ৰপতি জ’ বাইডেনে। প্ৰকাশ পাবলগীয়া নিজৰ আত্মজীৱনী ‘প্ৰমিছ মি, আমেৰিকা’ত বাইডেনে নেতানিয়াহুৰ সৈতে থকা টান সম্পৰ্ক আৰু গাজাৰ পৰিস্থিতিক লৈ হোৱা মতানৈক্যৰ কথা উল্লেখ কৰিছে।

আত্মজীৱনীখনৰ প্ৰকাশিত কিছু অংশ অনুসৰি, ২০২৩ চনৰ ৭ অক্টোবৰত হামাছৰ আক্ৰমণৰ পাছত গাজাত ইজৰাইলৰ সামৰিক অভিযানৰ ফলত সৃষ্টি হোৱা মানৱীয় সংকটক লৈ বাইডেনে নেতানিয়াহুৰ সৈতে বাৰে বাৰে আলোচনা কৰিছিল। সাধাৰণ নাগৰিকৰ মৃত্যুৱে আন্তঃৰাষ্ট্ৰীয় ক্ষেত্ৰত ইজৰাইলৰ ভাবমূৰ্তি আৰু যুদ্ধৰ প্ৰতি আমেৰিকাৰ সমৰ্থনত নেতিবাচক প্ৰভাৱ পেলাইছে বুলি নেতানিয়াহুৱেও স্বীকাৰ কৰিছিল বুলি বাইডেনে দাবী কৰিছে। কিন্তু অধিক সাৱধানতা অৱলম্বনৰ প্ৰতিশ্ৰুতিৰ পাছতো পৰিস্থিতিৰ বিশেষ পৰিৱৰ্তন হোৱা নাছিল বুলি তেওঁ লিখিছে।

বাইডেনে আত্মজীৱনীত উল্লেখ কৰিছে, নেতানিয়াহুৱে এনে প্ৰতিশ্ৰুতি দিবলৈ কুণ্ঠাবোধ কৰা নাছিল, যিবোৰ তেওঁ পালন কৰাৰ ক্ষমতা বা ইচ্ছা কোনোটোৱেই নাছিল। শুকুৰবাৰে CNNসহ কেইবাটাও মাৰ্কিন সংবাদ মাধ্যমে আত্মজীৱনীখনৰ কিছু অংশ প্ৰকাশ কৰে। গ্ৰন্থখন ১৭ নৱেম্বৰত প্ৰকাশ পোৱাৰ কথা।

প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে মধ্যপ্ৰাচ্যত স্থায়ী শান্তি প্ৰতিষ্ঠাৰ তেওঁৰ আশা ২০২৩ চনৰ ৭ অক্টোবৰৰ হামাছৰ আক্ৰমণৰ ফলত ভাঙি পৰিছিল। আক্ৰমণৰ দিনটোতে তেওঁ নেতানিয়াহুৰ সৈতে কেইবাবাৰো টেলিফোনিক বাৰ্তালাপ কৰি ভৱিষ্যতে এনে ঘটনা পুনৰ সংঘটিত নহ’বলৈ আমেৰিকাৰ প্ৰচেষ্টাৰ কথা জনাইছিল।

হামাছৰ আক্ৰমণৰ প্ৰত্যুত্তৰ দিয়াৰ ক্ষেত্ৰত ইজৰাইলৰ সংকল্প তেওঁ বুজি পাইছিল বুলি বাইডেনে উল্লেখ কৰে। কিন্তু যুদ্ধৰ মাজত আবদ্ধ হৈ পৰা সাধাৰণ নাগৰিকৰ সুৰক্ষা নিশ্চিত কৰিবলৈ অভিযানৰ আৰম্ভণিৰ পৰাই ইজৰাইল চৰকাৰক অধিক সাৱধানতা অৱলম্বন কৰিবলৈ আহ্বান জনাই আহিছিল বুলিও তেওঁ আত্মজীৱনীত লিখিছে।

সম্পাদনাৰ টোকা: প্ৰতিবেদনত উল্লেখ কৰা অভিযোগ আৰু মতামতসমূহ জ’ বাইডেনৰ প্ৰকাশ পাবলগীয়া আত্মজীৱনীৰ উদ্ধৃত অংশৰ ভিত্তিত প্ৰকাশ কৰা হৈছে।

🗞️ ছপা সংস্কৰণ আৰু ই-বাতৰি
এই বাতৰি আজিৰ সম্পূৰ্ণ ৮ পৃষ্ঠাৰ ডিজিটেল ই-বাতৰিত পঢ়ক

সম্পূৰ্ণ সংবাদপত্ৰৰ ৰূপত আল্ট্ৰা-এইচডি জুম আৰু PDF ডাউনলোড সুবিধা।

এই সংবাদ শ্বেয়াৰ কৰক:
WhatsApp X (Twitter) Facebook

আন্তঃৰাষ্ট্ৰীয় বিভাগৰ অধিক সংবাদ