🔴 ব্ৰেকিং নিউজ
প্ৰথম পৃষ্ঠা › অসম › নলবাৰী ৰাস মহোৎসৱৰ প্ৰস্তুতিৰ বুজ ল’লে মন্ত্ৰী ...
অসম

নলবাৰী ৰাস মহোৎসৱৰ প্ৰস্তুতিৰ বুজ ল’লে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই

২৪ নৱেম্বৰৰ পৰা ৬ ডিচেম্বৰলৈ ১৩ দিনীয়া কাৰ্যসূচী; শ্ৰীশ্ৰী হৰিমন্দিৰত উপ-সমিতিসমূহৰ সৈতে বৈঠক।

নলবাৰী ৰাস মহোৎসৱৰ প্ৰস্তুতিৰ বুজ ল’লে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই

নলবাৰীৰ ৯৩সংখ্যক ৰাস মহোৎসৱ সুচাৰুৰূপে অনুষ্ঠিত কৰাৰ লক্ষ্যৰে প্ৰস্তুতিৰ বুজ লয় স্থানীয় বিধায়ক তথা অসম চৰকাৰৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই।

এই উপলক্ষে নলবাৰীৰ শ্ৰীশ্ৰী হৰিমন্দিৰত মহোৎসৱৰ আহ্বায়ক, সহঃ আহ্বায়ক আৰু বিভিন্ন উপ-সমিতিৰ সদস্যসকলৰ সৈতে এখন বৈঠকত মিলিত হয় মন্ত্ৰীগৰাকী। বৈঠকত উৎসৱৰ প্ৰস্তুতি আৰু ব্যৱস্থাপনাৰ বিভিন্ন দিশ পৰ্যালোচনা কৰা হয়।

মন্ত্ৰী বৰুৱাই নলবাৰীৰ সাংস্কৃতিক পৰিচয়ৰ অন্যতম প্ৰতীক হিচাপে ৰাস মহোৎসৱৰ গুৰুত্ব উল্লেখ কৰি উৎসৱটো সফল কৰাৰ বাবে সকলোৰে সহযোগিতা আৰু সামূহিক দায়বদ্ধতাৰ আহ্বান জনায়। লগতে বিভিন্ন উপ-সমিতিক প্ৰয়োজনীয় নিৰ্দেশনাও প্ৰদান কৰে।

উল্লেখ্য যে, এইবাৰৰ ৯৩সংখ্যক নলবাৰী ৰাস মহোৎসৱ ২৪ নৱেম্বৰৰ পৰা ৬ ডিচেম্বৰলৈ ১৩ দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব।

🗞️ ছপা সংস্কৰণ আৰু ই-বাতৰি
এই বাতৰি আজিৰ সম্পূৰ্ণ ৮ পৃষ্ঠাৰ ডিজিটেল ই-বাতৰিত পঢ়ক

সম্পূৰ্ণ সংবাদপত্ৰৰ ৰূপত আল্ট্ৰা-এইচডি জুম আৰু PDF ডাউনলোড সুবিধা।

এই সংবাদ শ্বেয়াৰ কৰক:
WhatsApp X (Twitter) Facebook

অসম বিভাগৰ অধিক সংবাদ