🔴 ব্ৰেকিং নিউজ
প্ৰথম পৃষ্ঠা › অসম › গৌৰীপুৰত আৰক্ষীৰ বৃহৎ সফলতা
অসম

গৌৰীপুৰত আৰক্ষীৰ বৃহৎ সফলতা

অভিযানত ২০.৬৬ গ্ৰাম সন্দেহযুক্ত হেৰ'ইনসহ এজন আটক

গৌৰীপুৰত আৰক্ষীৰ বৃহৎ সফলতা

অসম জাতিৰ খবৰ,গৌৰীপুৰ, ৪ নৱেম্বৰ: ধুবুৰী জিলাৰ গৌৰীপুৰত নিষিদ্ধ ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান। অভিযানকালত ২০টা কণ্টেইনাৰত ২০.৬৬ গ্ৰাম সন্দেহযুক্ত হেৰ'ইন উদ্ধাৰ কৰাৰ লগতে এজন যুৱকক আটক কৰে আৰক্ষীয়ে। আৰক্ষী সূত্ৰে জানিব পৰা মতে, নিষিদ্ধ নিচাজাতীয় সামগ্ৰীৰ সৰবৰাহৰ গোপন খবৰ লাভ কৰি আৰক্ষীয়ে ঊৰ্ধ্বতন কৰ্তৃপক্ষক অৱগত কৰে আৰু এন ডি পি এছ আইনৰ বিধি অনুসৰি তালাচী আৰু জব্দ অভিযান চলোৱাৰ অনুমতি গ্ৰহণ কৰে।

ইয়াৰ পিছতে উপ-পৰিদৰ্শক সাগৰ দাসৰ নেতৃত্বত আৰক্ষীৰ এটা দল বেপাৰীপট্টি অভিমুখে অভিযানৰ বাবে ৰাওনা হয়। বিয়লি প্ৰায় ৫.৫০ বজাত আৰক্ষীৰ দলটোয়ে বেপাৰীপট্টি উৰণীয়া সেতুৰ ওচৰত উপস্থিত হয় আৰু তাত এজন যুৱকক সন্দেহজনকভাৱে ঘূৰি ফুৰা অৱস্থাত প্ৰত্যক্ষ কৰে।

পৰৱৰ্তী সময়ত বিয়লি প্ৰায় ৬ বজাত সন্দেহৰ ভিত্তিত যুৱকজনক আটক কৰি সোধা-পোছা কৰাত তেওঁ নিজৰ পৰিচয় গেৰামাৰী পাৰ্ট-২, তেলিপাৰা গাঁৱৰ আকতাৰ হুছেইনৰ পুত্ৰ আনাৰ হুছেইন (২৮) বুলি প্ৰকাশ কৰে।।আৰক্ষীয়ে আটকাধীন যুৱকজনক এন ডি পি এছ আইনৰ ৫০ নং ধাৰা অনুসৰি গেজেটেড বিষয়াৰ অথবা দণ্ডাধীশৰ উপস্থিতিত তালাচী চলোৱাৰ আইনী অধিকাৰৰ বিষয়ে অৱগত কৰি জাননী প্ৰদান কৰে। ইয়াৰ পিছতে যুৱকজনক তালাচী চলোৱাত তেওঁৰ জিম্মাৰ পৰা ২০টা কণ্টেইনাৰত ভৰাই ৰখা সন্দেহযুক্ত হেৰ'ইন উদ্ধাৰ হয়। উদ্ধাৰ হোৱা নিচাজাতীয় সামগ্ৰীখিনি কণ্টেইনাৰসহ ওজন কৰাত মুঠ ২০.৬৬ গ্ৰাম পোৱা যায়। পৰৱৰ্তী সময়ত সাক্ষীৰ উপস্থিতিত নিষিদ্ধ সামগ্ৰীখিনি জব্দ কৰে আৰক্ষীয়ে।

উক্ত ঘটনা সন্দৰ্ভত আৰক্ষীয়ে আইন অনুসৰি পৰৱৰ্তী ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে ড্ৰাগছ সৰবৰাহৰ সৈতে জড়িত আন ব্যক্তিৰ সন্ধানত তদন্ত অব্যাহত ৰাখিছে।

গৌৰীপুৰত আৰক্ষীৰ বৃহৎ সফলতা। অভিযানত ২০.৬৬ গ্ৰাম সন্দেহযুক্ত হেৰ'ইনসহ এজন আটক

🗞️ ছপা সংস্কৰণ আৰু ই-বাতৰি
এই বাতৰি আজিৰ সম্পূৰ্ণ ৮ পৃষ্ঠাৰ ডিজিটেল ই-বাতৰিত পঢ়ক

সম্পূৰ্ণ সংবাদপত্ৰৰ ৰূপত আল্ট্ৰা-এইচডি জুম আৰু PDF ডাউনলোড সুবিধা।

এই সংবাদ শ্বেয়াৰ কৰক:
WhatsApp X (Twitter) Facebook

অসম বিভাগৰ অধিক সংবাদ