কাক ভোট দিব?
৬ অক্টোবৰত নিৰ্বাচনী মহাৰণ
কাক ভোট দিব? ৬ অক্টোবৰত নিৰ্বাচনী মহাৰণ নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনক লৈ মাজত মাথোঁ কেইটামান ঘণ্টা। ৬ অক্টোবৰত অনুষ্ঠিত হয় বহু প্ৰত্যাশিত আৰু চৰ্চিত নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচন। ইতিমধ্যে নিৰ্বাচন বিভাগ আৰু জিলা প্ৰশাসনে নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে যাৱতীয় প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে।প্ৰতিটো ভোটকেন্দ্ৰ সজাই-পৰাই তোলাৰ লগতে নিৰাপত্তাৰ ক্ষেত্ৰতো কটকটীয়া ব্যৱস্থা গ্ৰহণ কৰা হৈছে। নিৰ্বাচনী বিষয়াসকলে স্বচ্ছ, নিকা আৰু শান্তিপূৰ্ণভাৱে নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে সকলো ধৰণৰ প্ৰচেষ্টা হাতত লৈছে।ইফালে উপ-নিৰ্বাচনত অৱতীৰ্ণ হোৱা প্ৰতিটো ৰাজনৈতিক দল আৰু প্ৰাৰ্থীয়ে দীঘলীয়া নিৰ্বাচনী প্ৰচাৰ চলাই নিজৰ নিজৰ বিজয়ৰ অংকত ব্যস্ত হৈ পৰিছে। অৱশ্যে সময়েহে ক’ব কোনজন প্ৰাৰ্থীৰ অংক কিমান শুদ্ধ। কাৰণ নিৰ্বাচনত প্ৰাৰ্থীৰ জয়-পৰাজয় মূলত ভোটাৰ ৰাইজৰ সমৰ্থন আৰু জনাদেশৰ ওপৰত নিৰ্ভৰশীল।ভাৰতীয় গণতন্ত্ৰৰ সাংবিধানিক অধিকাৰ হিচাপে ভোটাধিকাৰ সাব্যস্ত কৰাটো প্ৰতিগৰাকী যোগ্য নাগৰিকৰ গুৰুত্বপূৰ্ণ দায়িত্ব। সেয়ে কোনো ধৰণৰ লোভ-লালসা, ভয়-ভাবুকি বা তুষ্টিকৰণৰ প্ৰভাৱত নপৰি দেশৰ একতা, শান্তি, উন্নয়ন আৰু জনস্বাৰ্থৰ কথা চিন্তা কৰি ভোটাধিকাৰ সাব্যস্ত কৰাটো প্ৰতিগৰাকী ভোটাৰৰ কৰ্তব্য।পিছে এইবাৰৰ নিৰ্বাচনত বহু ভোটাৰৰ মনত এটা প্ৰশ্নই বিশেষভাৱে উত্থাপন হৈছে—কাক আৰু কিয় ভোট দিব? কাৰণ সময়ৰ পৰিৱৰ্তনৰ সৈতে ৰাজনৈতিক দল আৰু নেতাসকলৰ স্থিতিও সলনি হোৱা দেখা যায়। কোনোবাই যদি আজি আঞ্চলিকতাবাদৰ ধ্বজাবাহী, কাইলৈ তেওঁ ৰাষ্ট্ৰবাদৰ কথা কয়। আজি কোনোবাই ধৰ্মনিৰপেক্ষতাৰ কথা ক’লে কাইলৈ আকৌ তেওঁৰ ৰাজনৈতিক স্থিতিত ভিন্নতা দেখা যায়।আনহাতে, আজি যিগৰাকী নেতাই কোনো এটা দলক তীব্ৰ সমালোচনা কৰে, কাইলৈ সেই একেজন নেতাই পুনৰ সেই দলটোৰ প্ৰশংসাত পঞ্চমুখ হোৱা দেখা যায়। এনে ৰাজনৈতিক পৰিৱৰ্তনে স্বাভাৱিকতেই সচেতন ভোটাৰৰ মনত বিভ্ৰান্তিৰ সৃষ্টি কৰে।গণতন্ত্ৰত জনসাধাৰণেই সৰ্বোচ্চ শক্তি। সেয়ে ভোটাৰৰ সিদ্ধান্ত কেৱল আবেগ, ব্যক্তিগত পছন্দ বা সাময়িক প্ৰভাৱৰ ওপৰত নহৈ প্ৰাৰ্থীৰ যোগ্যতা, সততা, দায়িত্ববোধ, জনসেৱাৰ মানসিকতা আৰু সমাজৰ প্ৰতি দায়বদ্ধতাৰ ওপৰত আধাৰিত হোৱা উচিত।দেশৰ ভৱিষ্যৎ প্ৰজন্মৰ বাবে এখন সৰ্বাংগসুন্দৰ, সুস্থ-সবল, সুস্থিৰ, সুশৃংখল, স্বচ্ছ, হিংসামুক্ত, শান্তিপূৰ্ণ আৰু সমৃদ্ধিশালী সমাজ গঢ়ি তোলাত জনসাধাৰণৰ ভূমিকাই সৰ্বাধিক গুৰুত্ব বহন কৰে।সেয়ে এইবাৰ ভোটাৰ ৰাইজে আবেগৰ পৰিৱৰ্তে বিবেক আৰু বিচক্ষণতাৰে ভোটাধিকাৰ সাব্যস্ত কৰাটো অতি প্ৰয়োজনীয়। কিয়নো গণতন্ত্ৰত জনতাৰ মতেই জনাদেশ আৰু জনতাৰ জনাদেশেই নিৰ্ধাৰণ কৰে ভৱিষ্যতৰ শাসনব্যৱস্থাৰ দিশ।জনতাই জনাৰ্দন—সেয়ে ভোটদান কৰক নিজৰ বিবেক আৰু জনস্বাৰ্থক আগত ৰাখি।
সম্পূৰ্ণ সংবাদপত্ৰৰ ৰূপত আল্ট্ৰা-এইচডি জুম আৰু PDF ডাউনলোড সুবিধা।