কাছাৰত বিদ্যুতৰ খুঁটাত খুন্দা বাহনৰ, সন্ধানহীন আৰোহী
দুৰ্ঘটনাৰ পিছতে চালকসহ বাহনৰ আৰোহী নিৰুদ্দেশ, নিচাযুক্ত সামগ্ৰী কঢ়িওৱাৰ সন্দেহ স্থানীয় লোকৰ
অসম জাতিৰ খবৰ, কাছাৰ, ১৯ নৱেম্বৰঃ
কাছাৰ জিলাৰ ভাগা-শ্বেৰখান পথৰ শ্যামাচৰণপুৰ গাঁৱত বুধবাৰে নিশা সংঘটিত হয় এক পথ দুৰ্ঘটনা। এখন মাৰুতি ইগনিছ বাহনে নিয়ন্ত্ৰণ হেৰুৱাই বিদ্যুতৰ খুঁটাত খুন্দা মৰাৰ ফলত খুঁটাটো বাহনখনৰ ওপৰত বাগৰি পৰে। দুৰ্ঘটনাত বাহনখনৰ বিস্তৰ ক্ষতিসাধন হয়।
জানিব পৰা মতে, এ এছ ১১ এ জি ২৩৯৯ নম্বৰৰ বাহনখন ভাগা বজাৰৰ পৰা কুলিচৰাৰ দিশে গৈ থকা অৱস্থাত চালকজনে নিয়ন্ত্ৰণ হেৰুৱাই বিদ্যুতৰ খুঁটাত খুন্দা মাৰে। খুন্দাৰ ফলত খুঁটাটো ভাঙি বাহনখনৰ ওপৰত পৰে।
কিন্তু দুৰ্ঘটনাৰ পিছত ঘটনাস্থলীত উপস্থিত হোৱা স্থানীয় লোকে বাহনখনৰ চালক বা আন কোনো আৰোহীক বিচাৰি নাপায়। ফলত বাহনখনৰ আৰোহীসকল ক’লৈ গ’ল, তাক লৈ ৰহস্যৰ সৃষ্টি হৈছে।
ইফালে, বাহনখনত নিচাযুক্ত সামগ্ৰী কঢ়িওৱা হৈছিল বুলি একাংশ স্থানীয় লোকে সন্দেহ প্ৰকাশ কৰিছে। অৱশ্যে বাহনখনত কোনো নিষিদ্ধ সামগ্ৰী থকাৰ বিষয়ে এতিয়ালৈকে চৰকাৰীভাৱে কোনো নিশ্চিত তথ্য প্ৰকাশ পোৱা নাই।
দুৰ্ঘটনাৰ প্ৰকৃত কাৰণ, আৰোহীসকলৰ সন্ধানহীন হোৱা আৰু বাহনখনত কোনো অবৈধ সামগ্ৰী আছিল নে নাই, সেই সকলো দিশ তদন্তৰ আওতাত আছে।
সম্পূৰ্ণ সংবাদপত্ৰৰ ৰূপত আল্ট্ৰা-এইচডি জুম আৰু PDF ডাউনলোড সুবিধা।