গানছ এন ৰ’জৰ সংগীতানুষ্ঠানৰ পৃষ্ঠপোষকতাৰ ধন ভূপেন হাজৰিকাৰ জন্মশতবৰ্ষৰ সামৰণিলৈ
গুৱাহাটীৰ অনুষ্ঠান নিজা পুঁজিৰে অনুষ্ঠিত কৰাৰ সিদ্ধান্ত অসম চৰকাৰৰ
অসম জাতিৰ খবৰ, ২০ নৱেম্বৰঃ
গুৱাহাটীত অনুষ্ঠিত হ’বলগীয়া আন্তঃৰাষ্ট্ৰীয় ৰক বেণ্ড গানছ এন ৰ’জৰ সংগীতানুষ্ঠানৰ বাবে লাভ কৰা কেইবাটাও পৃষ্ঠপোষকতাৰ প্ৰস্তাৱ ড০ ভূপেন হাজৰিকাৰ জন্মশতবৰ্ষ উদযাপনৰ সামৰণি অনুষ্ঠানলৈ আগবঢ়োৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে অসম চৰকাৰে।
চৰকাৰৰ আহ্বানৰ পাছতে এই সিদ্ধান্ত লোৱা হৈছে। আনহাতে, গুৱাহাটীৰ সংগীতানুষ্ঠানটো চৰকাৰে নিজা পুঁজিৰে অনুষ্ঠিত কৰিব। অনুষ্ঠানটোৰ বাবে লাভ কৰা পৃষ্ঠপোষকতাৰ ধন ব্যৱহাৰ নকৰি সেই ধন নতুন দিল্লীত অনুষ্ঠিত হ’বলগীয়া জন্মশতবৰ্ষৰ সামৰণি অনুষ্ঠানৰ বাবে ব্যৱহাৰৰ ব্যৱস্থা কৰা হৈছে।
নতুন দিল্লীৰ ভাৰত মণ্ডপমত অনুষ্ঠিত হ’বলগীয়া এই সামৰণি অনুষ্ঠানৰ প্ৰস্তুতি ইতিমধ্যে তীব্ৰতৰ হৈছে। অনুষ্ঠানটোত দেশ-বিদেশৰ বিশিষ্ট ব্যক্তিসহ বহু লোকৰ সমাগম হোৱাৰ সম্ভাৱনা আছে। ৰাজধানী চহৰখনৰ বিভিন্ন গুৰুত্বপূৰ্ণ স্থানত ড০ হাজৰিকাৰ ছবি সম্বলিত বৃহৎ বেনাৰ আৰু পোষ্টাৰো লগোৱা হৈছে।
‘সুধাকণ্ঠ’ হিচাপে পৰিচিত ড০ ভূপেন হাজৰিকাৰ সংগীতে ব্ৰহ্মপুত্ৰৰ পাৰৰ পৰা দেশ-বিদেশৰ দৰ্শক-শ্ৰোতাৰ হৃদয়লৈ যাত্ৰা কৰিছিল। মানৱতা, সামাজিক ন্যায় আৰু বিশ্ব ভাতৃত্ববোধৰ বাৰ্তাৰে সমৃদ্ধ তেওঁৰ সৃষ্টিয়ে অসমীয়া সংস্কৃতিক বিশ্বদৰবাৰত বিশেষ পৰিচয় প্ৰদান কৰিছিল।
জন্মশতবৰ্ষৰ সামৰণি অনুষ্ঠানৰ জৰিয়তে ভাৰতীয় সংগীত আৰু সংস্কৃতিলৈ ড০ হাজৰিকাৰ অৱদান ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত তুলি ধৰাৰ লক্ষ্য লোৱা হৈছে।
সম্পূৰ্ণ সংবাদপত্ৰৰ ৰূপত আল্ট্ৰা-এইচডি জুম আৰু PDF ডাউনলোড সুবিধা।