🔴 ব্ৰেকিং নিউজ
প্ৰথম পৃষ্ঠা › অসম › এনিমিয়াৰ বিৰুদ্ধে নাঙলকুৰত সজাগতা, পৰীক্ষা শিবিৰ
অসম

এনিমিয়াৰ বিৰুদ্ধে নাঙলকুৰত সজাগতা, পৰীক্ষা শিবিৰ

বৰপেটা জিলাৰ গোমা ফুলবাৰী উন্নয়ন খণ্ডৰ অন্তৰ্গত ৯৩ নং নাঙলকুৰ উত্তৰ ছোপা অংগনবাড়ী কেন্দ্ৰত ‘ৰাষ্ট্ৰীয় পোষণ মাহ’ৰ অংশ হিচাপে ৬ অক্টোবৰ, ২০২৬ তাৰিখে এনিমিয়া সজাগতা সভা আৰু এনিমিয়া পৰীক্ষা শিবিৰ অনুষ্ঠিত কৰা হয়।

এনিমিয়াৰ বিৰুদ্ধে নাঙলকুৰত সজাগতা, পৰীক্ষা শিবিৰ

বৰপেটা জিলাৰ গোমা ফুলবাৰী উন্নয়ন খণ্ডৰ অন্তৰ্গত ৯৩ নং নাঙলকুৰ উত্তৰ ছোপা অংগনবাড়ী কেন্দ্ৰত ‘ৰাষ্ট্ৰীয় পোষণ মাহ’ৰ অংশ হিচাপে ৬ অক্টোবৰ, ২০২৬ তাৰিখে এনিমিয়া সজাগতা সভা আৰু এনিমিয়া পৰীক্ষা শিবিৰ অনুষ্ঠিত কৰা হয়।শিশু, গৰ্ভৱতী মহিলা আৰু প্ৰসূতি মাতৃসকলৰ পুষ্টি, স্বাস্থ্য আৰু কল্যাণৰ বাবে সেৱা আগবঢ়াই অহা অংগনবাড়ী কেন্দ্ৰটোৰ উদ্যোগত অনুষ্ঠিত এই কাৰ্যসূচীৰ আৰম্ভণিতে ধকুৱা হাইস্কুলৰ প্ৰাক্তন শিক্ষক আব্দুল খালেক দেৱানে সভাপতিত্ব কৰে। পৰৱৰ্তী সময়ত অংগনবাড়ী কেন্দ্ৰৰ কৰ্মী ৰমেনা বেগম আৰু এম এন টি এমি স্কুলৰ প্ৰধান শিক্ষক ফকৰ উদ্দিন আলী আহমেদৰ পৌৰোহিত্যত সজাগতা সভা অনুষ্ঠিত হয়।সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে শিশু উন্নয়ন প্ৰকল্প বিষয়া মঞ্জুলা কলিতা। লগতে ডংৰা গাঁও পঞ্চায়তৰ পৰিদৰ্শিকা মাফিদা বেগম, অন্যান্য গাঁও পঞ্চায়তৰ পৰিদৰ্শিকা সন্ধনা দাস, প্ৰণীতা দাস আৰু আনোৱাৰা খাতুন উপস্থিত থাকে। পোষণৰ বি চি এ বিশাল জ্যোতি বায়ন, আই টি চিৰ আদিত্য আৰু ৰেজিনা, তথা জিলা মহিলা আৰু শিশু উন্নয়ন বিভাগৰ যাৰুণ আহমেদো উপস্থিত থাকে।ইয়াৰ উপৰি স্মাইল ফাউণ্ডেশ্যনৰ ফালৰ পৰা জাকিৰ হুছেইন, স্থানীয় সমাজকৰ্মী

আশাকৰ্মী, প্ৰাক্তন শিক্ষক-শিক্ষয়িত্ৰী, শিক্ষাৰ্থী আৰু গোমা ফুলবাৰী উন্নয়ন খণ্ডৰ অন্তৰ্গত ডংৰা গাঁও পঞ্চায়তৰ বিভিন্ন অংগনবাড়ী কেন্দ্ৰৰ কৰ্মীসকল উপস্থিত থাকে।বৃহৎ সংখ্যক ৰাইজৰ উপস্থিতিত অনুষ্ঠিত সভাখনত এনিমিয়া প্ৰতিৰোধ, পুষ্টিকৰ খাদ্য গ্ৰহণ আৰু স্বাস্থ্য-সচেতনতা বৃদ্ধিৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়। লগতে অন্ধবিশ্বাস আৰু কু-প্ৰথাৰ অৱসান ঘটাই এখন সুস্থ আৰু নিৰোগী সমাজ গঢ়ি তোলাৰ ক্ষেত্ৰত সজাগতাৰ প্ৰয়োজনীয়তাৰ বিষয়ে বক্তাসকলে বক্তব্য আগবঢ়ায়।সভাৰ সমান্তৰালভাৱে আই টি চি আৰু স্মাইল ফাউণ্ডেশ্যনৰ কৰ্মীসকলৰ সহযোগত এনিমিয়া পৰীক্ষা শিবিৰ অনুষ্ঠিত কৰা হয়। শিবিৰত উপস্থিত থকা নিৰ্ধাৰিত হিতাধিকাৰীসকলৰ এনিমিয়া পৰীক্ষা কৰাৰ লগতে এনিমিয়া প্ৰতিৰোধ আৰু পুষ্টি সম্পৰ্কে প্ৰয়োজনীয় সজাগতা আৰু পৰামৰ্শ প্ৰদান কৰা হয়।সামগ্ৰিকভাৱে, ৬ অক্টোবৰ, ২০২৬ তাৰিখে অনুষ্ঠিত এই কাৰ্যসূচীয়ে এনিমিয়া প্ৰতিৰোধ আৰু পুষ্টি সম্পৰ্কে জনসাধাৰণৰ মাজত সজাগতা বৃদ্ধিৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।

🗞️ ছপা সংস্কৰণ আৰু ই-বাতৰি
এই বাতৰি আজিৰ সম্পূৰ্ণ ৮ পৃষ্ঠাৰ ডিজিটেল ই-বাতৰিত পঢ়ক

সম্পূৰ্ণ সংবাদপত্ৰৰ ৰূপত আল্ট্ৰা-এইচডি জুম আৰু PDF ডাউনলোড সুবিধা।

এই সংবাদ শ্বেয়াৰ কৰক:
WhatsApp X (Twitter) Facebook

অসম বিভাগৰ অধিক সংবাদ