🔴 ব্ৰেকিং নিউজ
প্ৰথম পৃষ্ঠা › অসম › বিশিষ্ট সাহিত্য-সংগঠক, কবি, কৃতী শিক্ষক প্ৰেম ব...
অসম

বিশিষ্ট সাহিত্য-সংগঠক, কবি, কৃতী শিক্ষক প্ৰেম বৈষ্ণৱলৈ "নৱজাগৰণ সাহিত্য অনৰাগ সন্মান- ২০২৬"

বিশিষ্ট সাহিত্য-সংগঠক, কবি, কৃতী শিক্ষক প্ৰেম বৈষ্ণৱলৈ "নৱজাগৰণ সাহিত্য অনৰাগ সন্মান- ২০২৬

বিশিষ্ট সাহিত্য-সংগঠক, কবি, কৃতী শিক্ষক প্ৰেম বৈষ্ণৱলৈ "নৱজাগৰণ সাহিত্য অনৰাগ সন্মান- ২০২৬"

বিশিষ্ট সাহিত্য-সংগঠক, কবি, কৃতী শিক্ষক প্ৰেম বৈষ্ণৱলৈ "নৱজাগৰণ সাহিত্য অনৰাগ সন্মান- ২০২৬"অসমৰ বিশিষ্ট সাহিত্য-সংগঠক তথা কৃতী শিক্ষক, প্ৰেম বৈষ্ণৱক 'নৱজাগৰণ সাহিত্য অনুৰাগ সন্মান-২০২৬'ৰে ভূষিত কৰা হৈছে। যোৱা ৪ অক্টোবৰত সত্ৰনগৰী মাজুলীৰ ঐতিহাসিক শ্ৰীশ্ৰী গড়মূৰ সত্ৰৰ 'বংশী গোপাল নাট্য মন্দিৰ'ত অনুষ্ঠিত 'নৱজাগৰণ সাহিত্য আৰু সংস্কৃতি মঞ্চ, অসম'ৰ ষষ্ঠ বাৰ্ষিক অধিৱেশনত তেওঁক এই সন্মান আনুষ্ঠানিকভাৱে প্ৰদান কৰা হয়।বিশ্বনাথ জিলাৰ বিহালী শিক্ষা খণ্ডৰ অন্তৰ্গত 'ৰৌমাৰী বাপুজী প্ৰাথমিক বিদ্যালয়'ৰ প্ৰধান শিক্ষক হিচাপে কৰ্মৰত প্ৰেম বৈষ্ণৱক ২০২৫ চনৰ শিক্ষক দিৱসত জিলা প্ৰশাসনে 'জিলা কৃতী শিক্ষক বঁটা'ৰে পুৰস্কৃত কৰিছিল। বৰ্তমান তেওঁ বিশ্বনাথ মহকুমা প্ৰাথমিক শিক্ষক সন্মিলনীৰ সম্পাদকৰ দায়িত্বত থকাৰ লগতে 'অসম সাহিত্য সেৱা মঞ্চ' আৰু 'সাহিত্য সমাহাৰ প্ৰতিভাৰ সন্ধানত এখোজ মঞ্চ'ৰ সম্পাদক আৰু 'সাহিত্যৰ বৃষ্টি' তিনিমহীয়া আলোচনীৰ সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে।দীৰ্ঘদিনৰ পৰা সাহিত্য-সংস্কৃতিৰ সৈতে জড়িত বৈষ্ণৱে কবিতা, গল্প, অণুগল্প, প্ৰবন্ধ, উপন্যাস আদিৰ যোগেদি সাহিত্য চৰ্চা চলাই আহিছে। ইয়াৰ উপৰিও নবীন-প্ৰবীন কবিসকলৰ কবিতাৰ বস্তুনিষ্ঠ বিশ্লেষণৰ জৰিয়তে তেওঁ সুধীসমাজৰ বিশেষ আদৰ লাভ কৰিছে। ইতিমধ্যে তেওঁৰ ১২ খন মৌলিক গ্ৰন্থ প্ৰকাশ পাইছে । ছখন প্ৰবন্ধ সংকলন, পাঁচখন উপন্যাস, এখন কাব্য সংকলন, মুঠ ১২ খন গ্ৰন্থ প্ৰকাশৰ পথত।

মাজুলীত অনুষ্ঠিত বাৰ্ষিক অধিৱেশনত 'নৱজাগৰণ সাহিত্য আৰু সংস্কৃতি মঞ্চ, অসম'ৰ সভাপতি প্ৰণৱ দাস আৰু সম্পাদক ৰাজু কলিতাই বৈষ্ণৱৰ এই অৱদানৰ মূল্যায়ন কৰি এই সন্মানেৰে ভূষিত কৰে। বিশিষ্ট সাহিত্যিকগৰাকীয়ে এই সন্মান লাভ কৰাত বিহালী তথা সমগ্ৰ বিশ্বনাথ জিলাৰ ৰাইজে তেওঁলৈ অভিনন্দন জ্ঞাপন কৰিছে।

🗞️ ছপা সংস্কৰণ আৰু ই-বাতৰি
এই বাতৰি আজিৰ সম্পূৰ্ণ ৮ পৃষ্ঠাৰ ডিজিটেল ই-বাতৰিত পঢ়ক

সম্পূৰ্ণ সংবাদপত্ৰৰ ৰূপত আল্ট্ৰা-এইচডি জুম আৰু PDF ডাউনলোড সুবিধা।

এই সংবাদ শ্বেয়াৰ কৰক:
WhatsApp X (Twitter) Facebook

অসম বিভাগৰ অধিক সংবাদ