🔴 ব্ৰেকিং নিউজ
প্ৰথম পৃষ্ঠা › অসম › অসমত পৰিবহণ বাহনত গতি নিয়ন্ত্ৰক বাধ্যতামূলক
অসম

অসমত পৰিবহণ বাহনত গতি নিয়ন্ত্ৰক বাধ্যতামূলক

গতি নিয়ন্ত্ৰক নথকা বাহনৰ ফিটনেছ প্ৰমাণ-পত্ৰ আৰু অনুমতি-পত্ৰ বন্ধ হ’ব, উলংঘা কৰিলে জব্দৰো ব্যৱস্থা

অসমত পৰিবহণ বাহনত গতি নিয়ন্ত্ৰক বাধ্যতামূলক

অসম জাতিৰ খবৰ, গুৱাহাটী, ১৯ নৱেম্বৰঃ

ৰাজ্যৰ পথ দুৰ্ঘটনা আৰু অতিমাত্ৰা গতিত বাহন চলোৱাৰ ঘটনা নিয়ন্ত্ৰণৰ লক্ষ্যৰে অসম পৰিবহণ বিভাগে যোগ্য সকলো পৰিবহণ বাহনত কাৰ্যক্ষম গতি নিয়ন্ত্ৰক যন্ত্ৰ সংস্থাপন বাধ্যতামূলক কৰিছে। ১৮ নৱেম্বৰত জাৰি কৰা এক নিৰ্দেশনাৰ জৰিয়তে বিভাগটোৱে এই সন্দৰ্ভত নতুন কাৰ্যপদ্ধতি নিৰ্ধাৰণ কৰিছে।

কেন্দ্ৰীয় মটৰ বাহন বিধি, ১৯৮৯ৰ ১১৮নং নিয়মৰ অধীনত পৰা নতুনকৈ পঞ্জীয়ন কৰা আৰু পূৰ্বৰে পৰা চলাচল কৰি থকা সকলো যোগ্য পৰিবহণ বাহনত কাৰ্যক্ষম গতি নিয়ন্ত্ৰণ ব্যৱস্থা থাকিব লাগিব। অৱশ্যে দুচকীয়া, তিনিচকীয়া, চাৰিচকীয়া সৰু বাহন, অগ্নিনিৰ্বাপক বাহন, এম্বুলেন্স আৰু আৰক্ষীৰ বাহনৰ ক্ষেত্ৰত এই নিয়ম প্ৰযোজ্য নহ’ব।

বিভাগীয় নিৰ্দেশনা অনুসৰি, নিৰ্মাতাই কাৰখানাতে গতি নিয়ন্ত্ৰণ ব্যৱস্থা সংস্থাপন কৰিব পাৰিব। আনহাতে, পূৰ্বৰে পৰা চলি থকা বাহনত অনুমোদিত প্ৰতিষ্ঠানৰ জৰিয়তে পৃথক গতি নিয়ন্ত্ৰক যন্ত্ৰ সংস্থাপন কৰিব লাগিব। অনুমোদিত কেন্দ্ৰসমূহে যন্ত্ৰটো ছীল কৰিব, বাহনৰ সন্মুখৰ কাঁচত চিনাক্তকৰণ ষ্টিকাৰ লগাব আৰু বাহন পঞ্জীয়ন পৰ্টেলত অৱস্থানসহ আলোকচিত্ৰ আপলোড কৰি ডিজিটেল প্ৰমাণ-পত্ৰ প্ৰদান কৰিব।

নতুন নিয়ম অনুসৰি, বাহনৰ ফিটনেছ পৰীক্ষাৰ সময়ত গতি নিয়ন্ত্ৰক যন্ত্ৰৰ ভৌতিক পৰীক্ষা বাধ্যতামূলক। যন্ত্ৰটো কাৰ্যক্ষম আৰু নিয়ম অনুসৰি সংস্থাপিত বুলি নিশ্চিত নোহোৱালৈকে ফিটনেছ প্ৰমাণ-পত্ৰ প্ৰদান বা নৱীকৰণ কৰা নহ’ব। একেদৰে বৈধ ফিটনেছ প্ৰমাণ-পত্ৰ আৰু গতি নিয়ন্ত্ৰক যন্ত্ৰৰ তথ্য পঞ্জীয়ন পৰ্টেলত নথকা বাহনৰ অনুমতি-পত্ৰও প্ৰদান বা নৱীকৰণ কৰা নহ’ব।

ৰাষ্ট্ৰীয় ঘাইপথ ২৭, ১৭ আৰু ১৫কে ধৰি গুৰুত্বপূৰ্ণ পথসমূহত পৰিবহণ বিভাগৰ প্ৰৱৰ্তনকাৰী দল আৰু যান-বাহন আৰক্ষীয়ে নিয়মীয়া তালাচী চলাব। বাহনৰ তথ্য অসম্পূৰ্ণ থকা মালিকসকললৈ জিলা পৰিবহণ বিষয়াসকলে নিয়ম মানি চলাৰ জাননী জাৰি কৰিব। লগতে জিলা পৰিবহণ বিষয়াৰ কাৰ্যালয়, বাছ আস্থান আৰু ট্ৰাক আস্থানত গতি নিয়ন্ত্ৰক সংস্থাপনৰ বিশেষ শিবিৰো অনুষ্ঠিত কৰা হ’ব।

নিৰ্দেশনাত গতি নিয়ন্ত্ৰক যন্ত্ৰ বিকল, ভঙা বা ইচ্ছাকৃতভাৱে সলনি কৰা বাহনৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ কথা কোৱা হৈছে। এনে বাহন জব্দ কৰাৰ লগতে ফিটনেছ প্ৰমাণ-পত্ৰ আৰু অনুমতি-পত্ৰ স্থগিত কৰিব পাৰিব। মটৰ বাহন আইন, ১৯৮৮ৰ প্ৰাসংগিক ধাৰা অনুসৰি আইনী ব্যৱস্থাও গ্ৰহণ কৰা হ’ব। গতি নিয়ন্ত্ৰক যন্ত্ৰৰ সৈতে হস্তক্ষেপ কৰা বা ইয়াৰ কাৰ্যক্ষমতা বন্ধ কৰা কাৰ্য নিষিদ্ধ কৰা হৈছে। এনে ঘটনাত বাহনৰ মালিকৰ লগতে জড়িত মেকানিকৰ বিৰুদ্ধেও গোচৰ ৰুজু কৰিব পাৰিব।

আনহাতে, অনুমোদিত ব্যৱসায়ী আৰু যন্ত্ৰ সংস্থাপন কেন্দ্ৰই অৱহেলা বা জালিয়াতি কৰা বুলি প্ৰমাণিত হ’লে তেওঁলোকৰ অনুমোদন স্থগিত বা বাতিল কৰাৰ ব্যৱস্থা ল’ব পাৰিব। নিয়ম অনুসৰি পৰীক্ষা নকৰা চৰকাৰী বিষয়াৰ বিৰুদ্ধেও বিভাগীয় আৰু অনুশাসনমূলক ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিয়া হৈছে।

নিয়মৰ ৰূপায়ণ নিৰীক্ষণৰ বাবে প্ৰতিগৰাকী জিলা পৰিবহণ বিষয়াই প্ৰতি ১৫ দিনৰ মূৰে মূৰে জিলা আয়ুক্ত আৰু পৰিবহণ আয়ুক্তৰ ওচৰত প্ৰতিবেদন দাখিল কৰিব লাগিব। প্ৰতিবেদনত যোগ্য বাহনৰ সংখ্যা, পৰীক্ষা কৰা গতি নিয়ন্ত্ৰক যন্ত্ৰ, বাকী থকা বাহনৰ তথ্য, জাৰি কৰা জৰিমনাৰ জাননী আৰু জব্দ কৰা বাহনৰ সবিশেষ উল্লেখ থাকিব।

🗞️ ছপা সংস্কৰণ আৰু ই-বাতৰি
এই বাতৰি আজিৰ সম্পূৰ্ণ ৮ পৃষ্ঠাৰ ডিজিটেল ই-বাতৰিত পঢ়ক

সম্পূৰ্ণ সংবাদপত্ৰৰ ৰূপত আল্ট্ৰা-এইচডি জুম আৰু PDF ডাউনলোড সুবিধা।

এই সংবাদ শ্বেয়াৰ কৰক:
WhatsApp X (Twitter) Facebook

অসম বিভাগৰ অধিক সংবাদ