🔴 ব্ৰেকিং নিউজ
প্ৰথম পৃষ্ঠা › উত্তৰ-পূব › আলোচনাৰ পূৰ্বে চাৰি চৰ্ত আদিবাসী সংগঠনৰ
উত্তৰ-পূব

আলোচনাৰ পূৰ্বে চাৰি চৰ্ত আদিবাসী সংগঠনৰ

চিয়াং জলবিদ্যুৎ প্ৰকল্পক লৈ চৰকাৰৰ সৈতে আলোচনাৰ আগতে আটকাধীন লোকৰ মুক্তি আৰু গোচৰ প্ৰত্যাহাৰৰ দাবী

আলোচনাৰ পূৰ্বে চাৰি চৰ্ত আদিবাসী সংগঠনৰ

অসম জাতিৰ খবৰ, ১৪ নৱেম্বৰঃ

অৰুণাচল প্ৰদেশৰ প্ৰস্তাৱিত চিয়াং উচ্চ বহুমুখী প্ৰকল্পক লৈ ৰাজ্য চৰকাৰৰ সৈতে আলোচনাত বহাৰ পূৰ্বে চাৰি দফীয়া চৰ্ত বান্ধি দিছে আদিবাসী সম্প্ৰদায়ৰ প্ৰতিনিধিত্বকাৰী সংগঠন ‘আদি বা কেবাং ইউনাইটেডে’। আন্দোলনৰ সময়ত আটকাধীন সকলো লোকক, বিশেষকৈ ছাত্ৰ-ছাত্ৰীসকলক মুক্তি দিয়া আৰু প্ৰতিবাদকাৰীৰ বিৰুদ্ধে ৰুজু কৰা গোচৰসমূহ প্ৰত্যাহাৰ কৰাৰ দাবী জনাইছে সংগঠনটোৱে।

সংগঠনটোৱে লগতে চিয়াং উপত্যকাৰ পৰা কেন্দ্ৰীয় সশস্ত্ৰ বাহিনী প্ৰত্যাহাৰ আৰু চৰকাৰী চাকৰিৰ পৰা বৰ্খাস্ত কৰা গাঁওবুঢ়াসকলক পুনৰ নিযুক্তি দিয়াৰ দাবী উত্থাপন কৰিছে। শুকুৰবাৰে সংগঠনটোৰ সভাপতি ডি জি টামুক আৰু সাধাৰণ সম্পাদক জিৰ্বো জামোহে মুখ্যমন্ত্ৰীলৈ এখন স্মাৰক-পত্ৰ প্ৰেৰণ কৰি ৪৮ ঘণ্টাৰ ভিতৰত দাবীসমূহ পূৰণৰ আহ্বান জনায়। আলোচনাৰ স্থান হিচাপে পাছিঘাটৰ প্ৰস্তাৱ দিছে সংগঠনটোৱে।

সংগঠনটোৰ সভাপতি টামুকে স্পষ্ট কৰি দিয়ে যে দাবীসমূহ পূৰণ নোহোৱালৈকে চৰকাৰৰ সৈতে আলোচনাৰ প্ৰশ্নই নুঠে। তেওঁ সকীয়াই দিয়ে যে চৰকাৰে দাবীসমূহ মানি নল’লে আন্দোলন অধিক তীব্ৰতৰ কৰা হ’ব। প্ৰস্তাৱিত প্ৰকল্পৰ বিৰুদ্ধে সংগঠনটোৰ শ্ল’গান হৈছে—‘বান্ধ নালাগে, গোচৰো নালাগে’।

১১,২০০ মেগাৱাট শক্তি উৎপাদনৰ লক্ষ্যৰে প্ৰস্তাৱিত এই প্ৰকল্পই চিয়াং উপত্যকাৰ খিলঞ্জীয়া লোকসকলৰ ভূমি, বাসগৃহ, জীৱিকা আৰু পৰম্পৰাগত ঐতিহ্যৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিব পাৰে বুলি টামুকে আশংকা প্ৰকাশ কৰে। তেওঁৰ দাবী অনুসৰি, প্ৰকল্পটোৰ ফলত প্ৰায় ২৭খন গাঁও আৰু প্ৰায় ডেৰ লাখ লোক প্ৰভাৱিত হ’ব পাৰে। পূৰ্বপুৰুষৰ ভূমি, কৃষিভূমি আৰু পৰম্পৰাগত সম্পদ এৰি দিবলগীয়া হ’লে তেওঁলোকক ক’ত পুনৰ সংস্থাপন কৰা হ’ব বুলিও প্ৰশ্ন তোলে।

টামুকে কয় যে চিয়াং উপত্যকাৰ বহু লোকৰ জীৱিকাৰ প্ৰধান উৎস কৃষি আৰু উদ্যানশস্য। অঞ্চলটোৰ ফলমূল উৎপাদনৰ ক্ষেত্ৰতো গুৰুত্বপূৰ্ণ ভূমিকা আছে। সেয়েহে প্ৰকল্পটোৱে কেৱল জনবসতিয়েই নহয়, অঞ্চলটোৰ অৰ্থনৈতিক আৰু সামাজিক ব্যৱস্থাতো প্ৰভাৱ পেলাব পাৰে বুলি তেওঁ মত প্ৰকাশ কৰে। লগতে প্ৰস্তাৱিত বান্ধৰ প্ৰভাৱ চিয়াং উপত্যকাৰ বাহিৰলৈও, বিশেষকৈ অসমৰ নামনি অঞ্চললৈ বিস্তাৰিত হ’ব পাৰে বুলি দাবী কৰি অসমৰ বিভিন্ন দল-সংগঠন আৰু ৰাইজক আন্দোলনটোক সমৰ্থন জনাবলৈ আহ্বান জনায়।

সম্পাদনাৰ টোকা: প্ৰকল্পটোৰ ফলত প্ৰভাৱিত হ’ব পৰা গাঁও আৰু লোকৰ সংখ্যাকে ধৰি পৰিৱেশগত আৰু সামাজিক প্ৰভাৱৰ তথ্যসমূহ সংগঠনটোৰ সভাপতিয়ে কৰা দাবীৰ ভিত্তিত উল্লেখ কৰা হৈছে।

🗞️ ছপা সংস্কৰণ আৰু ই-বাতৰি
এই বাতৰি আজিৰ সম্পূৰ্ণ ৮ পৃষ্ঠাৰ ডিজিটেল ই-বাতৰিত পঢ়ক

সম্পূৰ্ণ সংবাদপত্ৰৰ ৰূপত আল্ট্ৰা-এইচডি জুম আৰু PDF ডাউনলোড সুবিধা।

এই সংবাদ শ্বেয়াৰ কৰক:
WhatsApp X (Twitter) Facebook

উত্তৰ-পূব বিভাগৰ অধিক সংবাদ