টিহুত ১০০ ফুট উচ্চতাৰ ৰাৱণ দাহন, বিধায়ক চন্দ্ৰমোহন পাটোৱাৰীৰ অংশগ্ৰহণ
অৰ্ধ লক্ষাধিক লোকৰ সমাগমেৰে সামৰণি পৰিল ১২৩ সংখ্যক টিহু বাৰোৱাৰী দুৰ্গা পূজা মহোৎসৱ
টিহুত ১০০ ফুট উচ্চতাৰ ৰাৱণ দাহন, বিধায়ক চন্দ্ৰমোহন পাটোৱাৰীৰ অংশগ্ৰহণ
অৰ্ধ লক্ষাধিক লোকৰ সমাগমেৰে সামৰণি পৰিল ১২৩ সংখ্যক টিহু বাৰোৱাৰী দুৰ্গা পূজা মহোৎসৱ
অসম জাতিৰ খবৰ, পশ্চিম নলবাৰী, ২১ অক্টোবৰঃ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে টিহুতো বুধবাৰে বিজয়া দশমীৰ সন্ধিয়া প্ৰায় ১০০ ফুট উচ্চতাৰ বিশাল ৰাৱণৰ প্ৰতীকী দাহন কাৰ্যসূচী অনুষ্ঠিত হয়। সমাজৰ পৰা অসূয়া-অশান্তি দূৰ কৰি শান্তি-সম্প্ৰীতি প্ৰতিষ্ঠাৰ কামনাৰে প্ৰতিবছৰে টিহু বাৰোৱাৰী শ্ৰীশ্ৰী দুৰ্গা পূজা মহোৎসৱৰ বিজয়া দশমীৰ দিনা এই কাৰ্যসূচী ৰূপায়ণ কৰা হয়।এইবাৰ ১২৩ সংখ্যক টিহু বাৰোৱাৰী শ্ৰীশ্ৰী দুৰ্গা পূজা মহোৎসৱৰ সৈতে সংগতি ৰাখি টিহু হাইস্কুল খেলপথাৰত আয়োজন কৰা হয় ৰাৱণ দাহন কাৰ্যসূচী। স্থানীয় বিধায়ক চন্দ্ৰমোহন পাটোৱাৰীয়ে অগ্নিসংযোগ কৰি ৰাৱণ দাহন কাৰ্যসূচীৰ শুভাৰম্ভ কৰে।এই অনুষ্ঠানত নলবাৰী জিলাৰ জিলা আয়ুক্ত নিবেদন দাস পাটোৱাৰী, আৰক্ষী অধীক্ষক বীৰকান্ত দাস, সমাজকৰ্মী ফুলকন দত্তকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে। ৰাৱণ দাহন প্ৰত্যক্ষ কৰিবলৈ অনুষ্ঠানস্থলীত প্ৰায় অৰ্ধলক্ষাধিক লোকৰ সমাগম ঘটে।ইয়াৰ পূৰ্বে সু-সজ্জিত বাহনত শ্ৰীশ্ৰী দুৰ্গাৰ প্ৰতিমা লৈ টিহু অঞ্চলৰ মাজেৰে এক শোভাযাত্ৰা উলিওৱা হয়। পৰৱৰ্তী সময়ত টিহু নদীৰ শ্বহীদ উদ্যান ঘাটত দেৱী দুৰ্গাৰ প্ৰতিমা বিসৰ্জন দিয়া হয়।
সম্পূৰ্ণ সংবাদপত্ৰৰ ৰূপত আল্ট্ৰা-এইচডি জুম আৰু PDF ডাউনলোড সুবিধা।
অসম বিভাগৰ অধিক সংবাদ
অসম