ৰঙিয়া সমজিলাৰ ৪৩খন ৰাজহুৱা দুৰ্গাপূজা মণ্ডপৰ প্ৰতিমা সুকলমে বিসৰ্জন, বৰলীয়া-পুঠিমাৰী-ক’লাজল নৈৰ ঘাটত ভক্তৰ ভিৰ
অগণন ভক্তপ্ৰাণ ৰাইজৰ উপস্থিতিত এক শোকাকুল পৰিৱেশৰ মাজেৰে আজি ৰঙিয়া সমজিলাৰ অন্তৰ্গত বৰলীয়া, পুঠিমাৰী আৰু ক’লাজল নৈত দুৰ্গা প্ৰতিমাসমূহ সুকলমে বিসৰ্জন দিয়া হয়
ৰঙিয়া সমজিলাৰ ৪৩খন ৰাজহুৱা দুৰ্গাপূজা মণ্ডপৰ প্ৰতিমা সুকলমে বিসৰ্জন, বৰলীয়া-পুঠিমাৰী-ক’লাজল নৈৰ ঘাটত ভক্তৰ ভিৰ
অসম জাতিৰ খবৰ, ৰঙিয়াৰ , ২১ অক্টোবৰ: অগণন ভক্তপ্ৰাণ ৰাইজৰ উপস্থিতিত এক শোকাকুল পৰিৱেশৰ মাজেৰে আজি ৰঙিয়া সমজিলাৰ অন্তৰ্গত বৰলীয়া, পুঠিমাৰী আৰু ক’লাজল নৈত দুৰ্গা প্ৰতিমাসমূহ সুকলমে বিসৰ্জন দিয়া হয়। ৰঙিয়া সমজিলাৰ মুঠ ৪৩খন ৰাজহুৱা দুৰ্গাপূজা মণ্ডপৰ প্ৰতিমা ভক্তপ্ৰাণ ৰাইজে শৃংখলাবদ্ধভাৱে বিসৰ্জন ঘাটলৈ নি বিসৰ্জন দিয়ে।প্ৰতিমা বিসৰ্জনক কেন্দ্ৰ কৰি বিভিন্ন ঘাটত ভক্তৰ সমাগম ঘটে। দেৱী দুৰ্গাক বিদায় দিয়াৰ মুহূৰ্তত ভক্তসকলৰ মাজত এক আৱেগিক আৰু শোকাকুল পৰিৱেশৰ সৃষ্টি হয়। পৰম্পৰা আৰু ধৰ্মীয় ৰীতি-নীতি অনুসৰি ভক্তসকলে দেৱী প্ৰতিমা বিসৰ্জন দি আগন্তুক বৰ্ষত পুনৰ দেৱীৰ আগমনৰ কামনা কৰে।ইফালে, প্ৰতিমা বিসৰ্জনক লৈ যাতে কোনো অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি নহয়, তাৰ বাবে প্ৰশাসনৰ তৰফৰ পৰা বিশেষ ব্যৱস্থা গ্ৰহণ কৰা হয়। ৰঙিয়া সমজিলাৰ আয়ুক্ত নৱজিত পাঠকে সংবাদ মাধ্যমৰ আগত জানিবলৈ দিয়া মতে, বিসৰ্জন ঘাটসমূহত আইন-শৃংখলা পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰা হৈছে।তেওঁ জনোৱা অনুসৰি, বিসৰ্জনস্থলীসমূহত আৰক্ষী প্ৰশাসন নিয়োজিত কৰাৰ লগতে যিকোনো জৰুৰীকালীন পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ এছ ডি আৰ এফ (SDRF)-ৰ দল মোতায়েন কৰা হয়। ইয়াৰ জৰিয়তে বিসৰ্জনৰ সময়ছোৱাত সম্ভাৱ্য বিপদৰ ক্ষেত্ৰত তাৎক্ষণিক ব্যৱস্থা গ্ৰহণৰ ব্যৱস্থা কৰা হৈছে।আনহাতে, ৰঙিয়া নগৰৰ শিৱমন্দিৰ ঘাট, ৰঙিয়াৰ জয়ন্তীপুৰ ঘাটৰ লগতে তুলসীবাৰী বিসৰ্জন ঘাটতো প্ৰতিমাসমূহ বিসৰ্জন দিয়া হয়। সামগ্ৰিকভাৱে প্ৰশাসনৰ নিৰাপত্তা ব্যৱস্থা আৰু ভক্তপ্ৰাণ ৰাইজৰ সহযোগিতাত ৰঙিয়া সমজিলাৰ ৪৩খন ৰাজহুৱা দুৰ্গাপূজা মণ্ডপৰ প্ৰতিমা বিসৰ্জন কাৰ্যসূচী সুকলমে সম্পন্ন হয়।
সম্পূৰ্ণ সংবাদপত্ৰৰ ৰূপত আল্ট্ৰা-এইচডি জুম আৰু PDF ডাউনলোড সুবিধা।
অসম বিভাগৰ অধিক সংবাদ
অসম