মাটিৰ নথি প্ৰস্তুতৰ নামত ৰঙিয়াত জালিয়াতি!
১৬৯টা ভুৱা ছীল-মোহৰসহ আটক মাটিৰ দালাল
মাটিৰ নথি প্ৰস্তুতৰ নামত ৰঙিয়াত জালিয়াতি
১৬৯টা ভুৱা ছীল-মোহৰসহ আটক মাটিৰ দালাল
মাটিৰ নথি-পত্ৰ প্ৰস্তুত কৰাৰ নামত ৰঙিয়াত ভয়ংকৰ জালিয়াতিৰ অভিযোগ উত্থাপন হৈছে। এই ঘটনাৰ সৈতে জড়িত থকাৰ অভিযোগত আইদুল ইছলাম নামৰ এজন মাটিৰ দালালক আটক কৰা হৈছে। অভিযানত ১৬৯টা ভুৱা ছীল-মোহৰসহ বহু আপত্তিজনক নথি-পত্ৰ উদ্ধাৰ কৰা হয়।ৰঙিয়াত অভিযান চলাই ৰঙিয়া সমজিলাৰ আয়ুক্ত নবজিত পাঠকে এই ভুৱা ছীল-মোহৰ আৰু নথি-পত্ৰসমূহ উদ্ধাৰ কৰিবলৈ সক্ষম হয়। মাটিৰ নথি-পত্ৰ প্ৰস্তুত কৰাৰ নামত দীৰ্ঘদিন ধৰি আইদুল ইছলামে জালিয়াতিৰ কাৰ্যকলাপ চলাই অহাৰ অভিযোগ উত্থাপন হৈছে।উদ্ধাৰ হোৱা ভুৱা ছীল-মোহৰ আৰু নথি-পত্ৰসমূহৰ আঁৰত আন কোনো লোক জড়িত আছে নেকি, সেই সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে। তদন্তৰ পিছতহে এই জালিয়াতিৰ সৈতে জড়িত অন্যান্য লোকৰ বিষয়ে অধিক তথ্য পোহৰলৈ অহাৰ সম্ভাৱনা আছে।
সম্পূৰ্ণ সংবাদপত্ৰৰ ৰূপত আল্ট্ৰা-এইচডি জুম আৰু PDF ডাউনলোড সুবিধা।