ধুবুৰীৰ আলমগঞ্জত উচ্ছেদ অভিযান আৰম্ভ, ৮০ শতাংশ পৰিয়ালে এৰিলে ঘৰ-বাৰী
নৱম খণ্ডত ৬৫০ বিঘা চৰকাৰী ভূমিত প্ৰশাসনৰ অভিযান; প্ৰায় ৫৫০টা পৰিয়ালৰ ৪,০০০ লোক আছিল বসবাসকাৰী
নৱম খণ্ডত ৬৫০ বিঘা চৰকাৰী ভূমিত প্ৰশাসনৰ অভিযান; প্ৰায় ৫৫০টা পৰিয়ালৰ ৪,০০০ লোক আছিল বসবাসকাৰী অসম জাতিৰ খবৰ, ১ নৱেম্বৰঃ ধুবুৰী জিলাৰ আলমগঞ্জৰ নৱম খণ্ডত দেওবাৰে পুৱা ৬ বজাৰ পৰা চৰকাৰী ভূমি বেদখলমুক্ত কৰাৰ উদ্দেশ্যে উচ্ছেদ অভিযান আৰম্ভ হৈছে। আইন-শৃংখলা পৰিস্থিতি নিয়ন্ত্ৰণত ৰখাৰ বাবে অঞ্চলটোত বৃহৎ সংখ্যক আৰক্ষী বাহিনী মোতায়েন কৰা হৈছে।
উচ্ছেদ অভিযান সুচাৰুৰূপে পৰিচালনা কৰিবলৈ জিলা প্ৰশাসনৰ বিষয়া আৰু লাট মণ্ডলসকলক বিভিন্ন খণ্ডৰ দায়িত্ব অৰ্পণ কৰা হৈছে। কটকটীয়া নিৰাপত্তা ব্যৱস্থাৰ মাজত প্ৰশাসনে এই অভিযান চলাইছে।
জিলা আয়ুক্ত দিবাকৰ নাথে জানিবলৈ দিয়া অনুসৰি, মুঠ ৮০০ বিঘা চৰকাৰী ভূমিৰ ভিতৰত প্ৰায় ৬৫০ বিঘা ভূমিত এই উচ্ছেদ অভিযান চলোৱা হৈছে। অঞ্চলটোত প্ৰায় ৫৫০টা পৰিয়ালৰ আনুমানিক ৪,০০০ লোক বসবাস কৰি আহিছিল।
জিলা আয়ুক্তগৰাকীয়ে কয় যে দীৰ্ঘদিনীয়া প্ৰশাসনিক প্ৰক্ৰিয়া, শুনানি আৰু কাৰণসহ নিৰ্দেশ জাৰি কৰাৰ পিছত এই অভিযান আৰম্ভ কৰা হৈছে। বাসিন্দাসকলক ভূমি খালী কৰিবলৈ এমাহৰ সময়সীমা প্ৰদান কৰা হৈছিল।
তেওঁৰ মতে, উচ্ছেদ অভিযান আৰম্ভ হোৱাৰ পূৰ্বেই বহু পৰিয়ালে নিজৰ সা-সম্পত্তি লৈ অঞ্চলটো এৰি গৈছে। প্ৰায় ৮০ শতাংশ বাসিন্দাই ইতিমধ্যে ঘৰ-বাৰী এৰি যোৱা বুলি জিলা আয়ুক্তই জানিবলৈ দিয়ে।
অৱশ্যে একাংশ পৰিয়ালে উচ্ছেদৰ বিৰুদ্ধে আদালতৰ দ্বাৰস্থ হৈ আইনী সকাহ বিচৰাৰ বাবে এতিয়াও ঘৰ এৰি যোৱা নাই। এই সন্দৰ্ভত পৰৱৰ্তী শুনানি অহা ১৩ নৱেম্বৰত অনুষ্ঠিত হোৱাৰ কথা। শুনানিৰ পিছত সংশ্লিষ্ট পৰিয়ালসমূহৰ ক্ষেত্ৰত পৰৱৰ্তী সিদ্ধান্ত গ্ৰহণ কৰা হ’ব বুলি জানিব পৰা গৈছে।
উল্লেখ্য যে, ৩১ অক্টোবৰত প্ৰায় ২,৮৫০ বিঘা চৰকাৰী ভূমিত উচ্ছেদ অভিযান চলোৱাৰ প্ৰশাসনিক ঘোষণাৰ পিছৰে পৰা আলমগঞ্জৰ বাসিন্দাসকলৰ মাজত অনিশ্চয়তা আৰু উদ্বেগৰ সৃষ্টি হৈছিল। অভিযানৰ পূৰ্বে ধুবুৰী জিলা প্ৰশাসনে প্ৰয়োজনীয় প্ৰস্তুতি সম্পূৰ্ণ কৰি অভিযুক্ত বেদখলকাৰীসকলক ভূমি খালী কৰিবলৈ আহ্বান জনাইছিল। বহু পৰিয়ালে আগতীয়াকৈ ঘৰ ভাঙি নিজৰ সা-সম্পত্তি স্থানান্তৰ কৰিবলৈও আৰম্ভ কৰিছিল।
উচ্ছেদৰ আশংকাত একাংশ বাসিন্দাই বিকল্প বাসস্থান আৰু পুনৰ্সংস্থাপনৰ ব্যৱস্থা কৰিবলৈ চৰকাৰৰ ওচৰত আহ্বান জনাইছিল। কেইবাটাও পৰিয়ালে দাবী কৰিছিল যে তেওঁলোকে ব্যক্তিগত লোকৰ পৰা ভূমি ক্ৰয় কৰিছিল আৰু সেই ভূমি চৰকাৰী বুলি তেওঁলোকে জনা নাছিল।
একাংশ বাসিন্দাই সংবাদ মাধ্যমৰ আগত কয় যে তেওঁলোক বাংলাদেশৰ নাগৰিক নহয়। তেওঁলোকৰ জন্ম এই অঞ্চলতে হৈছে আৰু তেওঁলোকৰ ককা-আইতাসকলেও ইয়াতেই জীৱন অতিবাহিত কৰিছিল। ব্যক্তিগত লোকৰ পৰা ভূমি ক্ৰয় কৰাৰ সময়ত সেই ভূমি চৰকাৰী বুলি তেওঁলোকে অৱগত নাছিল বুলিও দাবী কৰে।
ইফালে, জিলা প্ৰশাসনে ভূমিখিনি চৰকাৰী বুলি উল্লেখ কৰি আইন অনুসৰিয়েই উচ্ছেদ অভিযান চলোৱা হৈছে বুলি স্পষ্ট কৰিছে। লগতে বাসিন্দাসকলক স্বেচ্ছাই ভূমি খালী কৰি প্ৰশাসনক সহযোগিতা কৰিবলৈ আহ্বান জনাইছিল।
ইতিমধ্যে বহু পৰিয়ালে ঘৰ-বাৰী এৰি যোৱাৰ বিপৰীতে একাংশ পৰিয়ালে আদালতৰ দ্বাৰস্থ হৈছে। এনে পৰিস্থিতিত উচ্ছেদত ক্ষতিগ্ৰস্ত পৰিয়ালসমূহৰ বিকল্প বাসস্থান আৰু পুনৰ্সংস্থাপনৰ বিষয়টো এতিয়াও গুৰুত্বপূৰ্ণ হৈ আছে।
সম্পূৰ্ণ সংবাদপত্ৰৰ ৰূপত আল্ট্ৰা-এইচডি জুম আৰু PDF ডাউনলোড সুবিধা।