🔴 ব্ৰেকিং নিউজ
প্ৰথম পৃষ্ঠা › বঙাইগাঁও › গোসাঁইগাঁৱত ঐতিহাসিক "গোসাইগাঁও পাৰ্ক"ৰ শুভ উদ্...
বঙাইগাঁও

গোসাঁইগাঁৱত ঐতিহাসিক "গোসাইগাঁও পাৰ্ক"ৰ শুভ উদ্বোধন

উন্নয়নৰ নতুন ঘোষণা বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীৰ

গোসাঁইগাঁৱত ঐতিহাসিক "গোসাইগাঁও পাৰ্ক"ৰ শুভ উদ্বোধন

গোসাঁইগাঁৱত ঐতিহাসিক "গোসাইগাঁও পাৰ্ক"ৰ শুভ উদ্বোধন উন্নয়নৰ নতুন ঘোষণা বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীৰ গোসাঁইগাঁও মহকুমা সদৰ চহৰৰ সমীপৰ ঐতিহাসিক গোসাইগাঁও পাৰ্কখন ৪ অক্টোবৰ ২০২৬ তাৰিখে আনুষ্ঠানিকভাৱে সৰ্বসাধাৰণৰ বাবে মুকলি কৰা হয়। বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে ২ কোটি ৪০ লাখ টকা ব্যয়সাপেক্ষে নৱনিৰ্মিত আকৰ্ষণীয় পাৰ্কখনৰ ফিটা কাটি শুভ উদ্বোধন কৰে।পাৰ্কখন উদ্বোধন কৰি সংবাদ মাধ্যমৰ আগত হাগ্ৰামা মহিলাৰীয়ে কয়, *“আমি কাম কৰাত বিশ্বাসী আৰু কামৰ ক্ষেত্ৰত সম্পূৰ্ণ স্পষ্ট তথা এক্সপাৰ্ট।”*ইয়াৰ লগতে অঞ্চলটোৰ যোগাযোগ ব্যৱস্থা আৰু আন্তঃগাঁথনি উন্নয়নৰ ক্ষেত্ৰতো কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা কৰে বিটিচি প্ৰধানে। তেওঁৰ মতে, অচিৰেই সংকোষ আৰু বেকী নদীৰ ওপৰত নতুন দলং নিৰ্মাণ কৰা হ’ব। লগতে ২০২৭ চনৰ ভিতৰত চাৰিখন উৰণীয়া সেতু (Flyover) ৰাইজৰ বাবে মুকলি কৰাৰ পৰিকল্পনা গ্ৰহণ কৰা হৈছে।নৱনিৰ্মিত এই পাৰ্কখনে গোসাঁইগাঁৱৰ পৰ্যটন, বিনোদন আৰু সৌন্দৰ্যবৰ্ধনৰ ক্ষেত্ৰত নতুন মাত্ৰা প্ৰদান কৰিব বুলি আশা প্ৰকাশ কৰিছে স্থানীয় ৰাইজে।

🗞️ ছপা সংস্কৰণ আৰু ই-বাতৰি
এই বাতৰি আজিৰ সম্পূৰ্ণ ৮ পৃষ্ঠাৰ ডিজিটেল ই-বাতৰিত পঢ়ক

সম্পূৰ্ণ সংবাদপত্ৰৰ ৰূপত আল্ট্ৰা-এইচডি জুম আৰু PDF ডাউনলোড সুবিধা।

এই সংবাদ শ্বেয়াৰ কৰক:
WhatsApp X (Twitter) Facebook