🔴 ব্ৰেকিং নিউজ
প্ৰথম পৃষ্ঠা › আন্তঃৰাষ্ট্ৰীয় › তৰুণ অসমীয়া চলচ্চিত্ৰ পৰিচালক সনাতন কৰ্মকাৰৰ ক...
আন্তঃৰাষ্ট্ৰীয়

তৰুণ অসমীয়া চলচ্চিত্ৰ পৰিচালক সনাতন কৰ্মকাৰৰ কাহিনী,

তৰুণ অসমীয়া চলচ্চিত্ৰ পৰিচালক সনাতন কৰ্মকাৰৰ কাহিনী, চিত্ৰনাট্য আৰু পৰিচালনাৰে মুক্তি লাভ কৰিছে নৱতম অসমীয়া চলচ্চিত্ৰ “কুঁৱলীৰ পঁজা”।

তৰুণ অসমীয়া চলচ্চিত্ৰ পৰিচালক সনাতন কৰ্মকাৰৰ কাহিনী,
📷 তৰুণ অসমীয়া চলচ্চিত্ৰ পৰিচালক সনাতন কৰ্মকাৰৰ কাহিনী, চিত্ৰনাট্য আৰু পৰিচালনাৰে মুক্তি লাভ কৰিছে নৱতম অসমীয়া চলচ্চিত্ৰ “কুঁৱলীৰ পঁজা

তৰুণ অসমীয়া চলচ্চিত্ৰ পৰিচালক সনাতন কৰ্মকাৰৰ কাহিনী, চিত্ৰনাট্য আৰু পৰিচালনাৰে মুক্তি লাভ কৰিছে নৱতম অসমীয়া চলচ্চিত্ৰ “কুঁৱলীৰ পঁজা” |

আজি বৰপেটা প্ৰেছক্লাৱত এখন সংবাদমেল অনুস্থিত কৰি প্ৰযোজক, পৰিচালক সনাতন কৰ্মকাৰে জনোৱামতে,

ক'ৰ'নাকালীন পৰিস্থিতিত এগৰাকী অন্তসত্বা নাৰীৰ কাহিনীক লৈ চিত্ৰৰথ প্ৰডাকচনৰ বেনাৰত নিৰ্মিত চলচ্চিত্ৰ “কুঁৱলীৰ পঁজা”ক লৈ অতিকে আশাবাদী পৰিচালকগৰাকী |

আইমী বৰুৱাই মুল চৰিত্ৰত অভিনয় কৰা কুঁৱলীৰ পঁজা চলচ্চিত্ৰখনে ইতিমধ্যে আৰ্জেন্টিনাৰ বুয়েনচ আয়াৰ্চত অনুস্থিত আন্তৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱলৈ নিৰ্বাচিত হোৱাৰ কথাও প্ৰকাশ কৰে পৰিচালকগৰাকীয়ে |

ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয়ভাৱে সন্মানিত তৰুণ চলচিত্ৰ পৰিচালক সনাতন কৰ্মকাৰৰ সীমিত বাজেটেৰে নিৰ্মিত কুঁৱলীৰ পঁজা চলচ্চিত্ৰখন শুক্ৰবাৰৰ পৰা বৰপেটাৰ ইন্দ্ৰপুৰী ছৱিগৃহত প্ৰদৰ্শিত হব |

ইন্দ্ৰপুৰী ছৱিগৃহত বিয়লি ২-৩০ আৰু সন্ধিয়া ৬ বজাত প্ৰদৰ্শিত হবলগীয়া চলচিত্ৰখন আদৰি লবলৈ ৰাইজলৈ অনুৰোধ জনাইছে পৰিচালক সনাতন কৰ্মকাৰে |

সংবাদমেলখনত কুঁৱলীৰ পঁজাত অভিনয় কৰা দীপা দাসৰ লগতে প্ৰমোদ দাস আৰু ডাঃ হীৰালাল কৰ্মকাৰ উপস্থিত থাকি সকলোকে চলচ্ছিত্ৰখন চাবলৈ আহ্বান জনায় |

🗞️ ছপা সংস্কৰণ আৰু ই-বাতৰি
এই বাতৰি আজিৰ সম্পূৰ্ণ ৮ পৃষ্ঠাৰ ডিজিটেল ই-বাতৰিত পঢ়ক

সম্পূৰ্ণ সংবাদপত্ৰৰ ৰূপত আল্ট্ৰা-এইচডি জুম আৰু PDF ডাউনলোড সুবিধা।

এই সংবাদ শ্বেয়াৰ কৰক:
WhatsApp X (Twitter) Facebook