🔴 ব্ৰেকিং নিউজ
প্ৰথম পৃষ্ঠা › ৰাষ্ট্ৰীয় › চেন্নাইত এফ-৪ চেম্পিয়নশ্বিপৰ খিতাপৰ যুঁজ
ৰাষ্ট্ৰীয়

চেন্নাইত এফ-৪ চেম্পিয়নশ্বিপৰ খিতাপৰ যুঁজ

২২ আৰু ২৩ অক্টোবৰত মাদ্ৰাছ আন্তঃৰাষ্ট্ৰীয় চাৰ্কিটত ইণ্ডিয়ান ৰেচিং ফেষ্টিভেলৰ ৰোমাঞ্চকৰ প্ৰতিযোগিতা

চেন্নাইত এফ-৪ চেম্পিয়নশ্বিপৰ খিতাপৰ যুঁজ

চেন্নাইত এফ-৪ চেম্পিয়নশ্বিপৰ খিতাপৰ যুঁজ

২২ আৰু ২৩ অক্টোবৰত মাদ্ৰাছ আন্তঃৰাষ্ট্ৰীয় চাৰ্কিটত ইণ্ডিয়ান ৰেচিং ফেষ্টিভেলৰ ৰোমাঞ্চকৰ প্ৰতিযোগিতা

অসম জাতিৰ খবৰ নিউজ ডেস্ক, ২১ অক্টোবৰঃ চেন্নাইৰ মাদ্ৰাছ আন্তঃৰাষ্ট্ৰীয় চাৰ্কিটত ২২ আৰু ২৩ অক্টোবৰত অনুষ্ঠিত হ’ব ইণ্ডিয়ান ৰেচিং ফেষ্টিভেল (আই আৰ এফ) ২০২৬। এই প্ৰতিযোগিতাত এফ-৪ ইণ্ডিয়ান চেম্পিয়নশ্বিপৰ খিতাপৰ যুঁজৰ লগতে ইণ্ডিয়ান ৰেচিং লীগৰ (আই আৰ এল) নতুন ছিজনৰো শুভাৰম্ভ হ’ব। দুদিনীয়া এই প্ৰতিযোগিতাক লৈ মটৰ ৰেচিং অনুৰাগীৰ মাজত ব্যাপক উৎসাহৰ সৃষ্টি হৈছে।এফ-৪ ইণ্ডিয়ান চেম্পিয়নশ্বিপৰ তৃতীয় ৰাউণ্ডত খিতাপৰ যুঁজ অধিক আকৰ্ষণীয় হৈ উঠাৰ সম্ভাৱনা আছে। প্ৰতিযোগিতাৰ পইণ্ট তালিকাত শীৰ্ষস্থানত থকা কিচ্চাৰ কিংছ বেংগালুৰুৰ আৰিছ কিৰিয়াকু আৰু গোৱা এছেছ জে এ ৰেচিঙৰ দক্ষিণ আফ্ৰিকাৰ চালক লুভিৱে ছাম্বুদুলাৰ মাজত মাত্ৰ পাঁচ পইণ্টৰ ব্যৱধান আছে।কিৰিয়াকুৱে ৯৩ পইণ্টেৰে শীৰ্ষস্থানত থকাৰ বিপৰীতে ছাম্বুদুলাৰ সংগ্ৰহ ৮৮ পইণ্ট। প্ৰতিখন ৰেচত বিজয়ীয়ে ২৫ পইণ্ট লাভ কৰাৰ সুযোগ থকাৰ বাবে চেন্নাইৰ ৰাউণ্ডটো দুয়োগৰাকী চালকৰ বাবে অতি গুৰুত্বপূৰ্ণ বিবেচিত হৈছে।কইম্বাটুৰৰ কাৰি মটৰ স্পীডৱেত অনুষ্ঠিত দ্বিতীয় ৰাউণ্ডত ছাম্বুদুলাই প্ৰথম ৰেচত প’ল পজিচনৰ পৰা আৰম্ভ কৰি বিজয় সাব্যস্ত কৰাৰ লগতে তৃতীয় ৰেচতো প্ৰথম স্থান অধিকাৰ কৰিছিল। দ্বিতীয় ৰেচত অৱশ্যে তেওঁ প্ৰতিযোগিতা সম্পূৰ্ণ কৰিব পৰা নাছিল। আনহাতে, কিৰিয়াকুৱে তিনিওখন ৰেচতে প’ডিয়াম ফিনিছ কৰি নিজৰ অগ্ৰগতি অক্ষুণ্ণ ৰাখিছিল।হায়দৰাবাদ ব্লেকবাৰ্ডছৰ ভুৱন বোনু ৫১ পইণ্টেৰে তালিকাৰ তৃতীয় স্থানত আছে। কইম্বাটুৰত ৰিভাৰ্ছ-গ্ৰিড প’লৰ পৰা আৰম্ভ কৰি তেওঁ দ্বিতীয় ৰেচত জয়লাভ কৰিছিল। শীৰ্ষ পাঁচগৰাকীৰ ভিতৰত থকা মাহল’ৰি মাবুণ্ডাৰ ৪৬ পইণ্ট আৰু এৰন মেহতাৰ ৪২ পইণ্ট। চেন্নাইত উন্নত প্ৰদৰ্শনেৰে শীৰ্ষস্থানৰ ব্যৱধান হ্ৰাস কৰাই হ’ব তেওঁলোকৰ লক্ষ্য।দ্বিতীয় ৰাউণ্ডত দুটাকৈ প’ডিয়াম ফিনিছ কৰা এনটিয়িছ’ মাবুণ্ডাও আত্মবিশ্বাসেৰে চেন্নাইত অৱতীৰ্ণ হ’ব। আনহাতে, স্বৰ্ণভ দাস আৰু চেন্নাই টাৰ্বো ৰাইডাৰ্ছৰ ছাই আদিত্যৰ ওপৰতো দৃষ্টি থাকিব। কইম্বাটুৰত আদিত্যই আৰম্ভণিতে গ্ৰিডৰ দশম স্থানত থাকিও তৃতীয় ৰেচত উন্নত প্ৰদৰ্শন আগবঢ়াইছিল।ইফালে, ইণ্ডিয়ান ৰেচিং লীগৰ নতুন ছিজনত ছখন চহৰভিত্তিক দলে খিতাপৰ বাবে প্ৰতিদ্বন্দ্বিতা কৰিব। ভাৰতৰ একমাত্ৰ চাৰি-চকীয়া ৰেচিং লীগ হিচাপে পৰিচিত এই প্ৰতিযোগিতাখনক বিশ্বৰ প্ৰথম লিংগ-নিৰপেক্ষ ৰেচিং চেম্পিয়নশ্বিপ শৃংখলা হিচাপেও অভিহিত কৰা হয়।২০২৫-২৬ ছিজনৰ খিতাপ দখল কৰা গোৱা এছেছ জে এ ৰেচিঙে এইবাৰ ডিফেণ্ডিং চেম্পিয়ন হিচাপে অভিযান আৰম্ভ কৰিব। ৰাউল হাইমেন আৰু ফেবিয়েন ৱ’লৱেণ্ডৰ নেতৃত্বত দলটোৱে বিগত ছিজনৰ সফলতা অব্যাহত ৰখাৰ লক্ষ্য লৈছে। ২০২৬ চনৰ ফেব্ৰুৱাৰীত গোৱা ষ্ট্ৰীট চাৰ্কিটত অনুষ্ঠিত ফিচাৰ ৰেচত ৱ’লৱেণ্ডে জয়লাভ কৰি বিশেষ চৰ্চা লাভ কৰিছিল।ঘৰুৱা চাৰ্কিটত প্ৰতিদ্বন্দ্বিতা কৰাৰ সুবিধা লাভ কৰিব চেন্নাই টাৰ্বো ৰাইডাৰ্ছে। স্থানীয় দৰ্শকৰ সমৰ্থনক সাৰথি কৰি দলটোৱে নতুন ছিজনৰ আৰম্ভণিতে শক্তিশালী প্ৰদৰ্শন আগবঢ়াবলৈ সাজু হৈছে। কিচ্চাৰ কিংছ বেংগালুৰু, হায়দৰাবাদ ব্লেকবাৰ্ডছ, কলকাতা ৰয়েল টাইগাৰ্ছ আৰু স্পীড ডেমনছ দিল্লীও প্ৰতিযোগিতাত অৱতীৰ্ণ হ’ব।ইণ্ডিয়ান ৰেচিং লীগত ভাৰতীয় আৰু আন্তঃৰাষ্ট্ৰীয় চালকৰ লগতে প্ৰতিটো দলৰ লাইনআপত মহিলা চালকো অন্তৰ্ভুক্ত কৰা হৈছে। ইয়াৰ জৰিয়তে ভাৰতত চাৰ্কিট ৰেচিঙৰ প্ৰসাৰ বৃদ্ধি কৰাৰ লক্ষ্য লোৱা হৈছে। এফ-৪ ইণ্ডিয়ান চেম্পিয়নশ্বিপ আৰু আই আৰ এলৰ প্ৰতিযোগিতা একেলগে অনুষ্ঠিত হোৱাৰ ফলত চেন্নাইৰ এই ৰেচিং সপ্তাহান্তত উদীয়মান চালকৰ দক্ষতা আৰু চহৰভিত্তিক দলসমূহৰ মাজৰ প্ৰতিদ্বন্দ্বিতা উপভোগ কৰাৰ সুযোগ পাব ক্ৰীড়াপ্ৰেমীসকলে।

🗞️ ছপা সংস্কৰণ আৰু ই-বাতৰি
এই বাতৰি আজিৰ সম্পূৰ্ণ ৮ পৃষ্ঠাৰ ডিজিটেল ই-বাতৰিত পঢ়ক

সম্পূৰ্ণ সংবাদপত্ৰৰ ৰূপত আল্ট্ৰা-এইচডি জুম আৰু PDF ডাউনলোড সুবিধা।

এই সংবাদ শ্বেয়াৰ কৰক:
WhatsApp X (Twitter) Facebook

ৰাষ্ট্ৰীয় বিভাগৰ অধিক সংবাদ