🔴 ব্ৰেকিং নিউজ
প্ৰথম পৃষ্ঠা › আন্তঃৰাষ্ট্ৰীয় › বিশ্বৰ ১০০ গৰাকী প্ৰভাৱশালী উদ্যোগীৰ তালিকাত অস...
আন্তঃৰাষ্ট্ৰীয়

বিশ্বৰ ১০০ গৰাকী প্ৰভাৱশালী উদ্যোগীৰ তালিকাত অসমৰ জাহ্নৱী ফুকন

‘লাহে লুমছ’ৰ প্ৰতিষ্ঠাপকলৈ আন্তঃৰাষ্ট্ৰীয় স্বীকৃতি; থলুৱা ৰেচম আৰু হস্ততাঁত শিল্পৰ সংৰক্ষণৰ লগতে মহিলা শিপিনীৰ বহনক্ষম জীৱিকাৰ প্ৰসাৰত বিশেষ অৱদান

বিশ্বৰ ১০০ গৰাকী প্ৰভাৱশালী উদ্যোগীৰ তালিকাত অসমৰ জাহ্নৱী ফুকন

বিশ্বৰ ১০০ গৰাকী প্ৰভাৱশালী উদ্যোগীৰ তালিকাত অসমৰ জাহ্নৱী ফুকন

‘লাহে লুমছ’ৰ প্ৰতিষ্ঠাপকলৈ আন্তঃৰাষ্ট্ৰীয় স্বীকৃতি; থলুৱা ৰেচম আৰু হস্ততাঁত শিল্পৰ সংৰক্ষণৰ লগতে মহিলা শিপিনীৰ বহনক্ষম জীৱিকাৰ প্ৰসাৰত বিশেষ অৱদান

অসম জাতিৰ খবৰ, নিউজ ডেস্ক, ২১ অক্টোবৰ: অসমৰ উদ্যোগী জাহ্নৱী ফুকনে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ৰাজ্যখনলৈ কঢ়িয়াই আনিছে বিশেষ সন্মান। ‘লাহে লুমছ’ৰ প্ৰতিষ্ঠাপক জাহ্নৱী ফুকনক ২০২৬ বৰ্ষৰ ‘মিনিংফুল বিজনেছ ১০০’ (MB100) কাৰ্যসূচীৰ বিজয়ীসকলৰ ভিতৰত স্থান দিয়া হৈছে। ব্যৱসায়িক সফলতাৰ সমান্তৰালভাৱে সামাজিক আৰু পৰিৱেশগত উন্নয়নত ইতিবাচক প্ৰভাৱ পেলোৱা বিশ্বৰ বিভিন্ন প্ৰান্তৰ উদ্যোগী আৰু নেতৃত্ব বহনকাৰীসকলক এই কাৰ্যসূচীৰ জৰিয়তে স্বীকৃতি প্ৰদান কৰা হয়।২১ অক্টোবৰত প্ৰকাশিত এক সংবাদ বিজ্ঞপ্তি অনুসৰি, এইবাৰৰ তালিকাৰ বাবে ৯০০ৰো অধিক মনোনয়নৰ মাজৰ পৰা বিশেষজ্ঞ বিচাৰকৰ এটা দলে বিজয়ীসকলক নিৰ্বাচন কৰে। সমতা, সামাজিক প্ৰভাৱ, উদ্ভাৱন, নেতৃত্ব আৰু সম্প্ৰসাৰণৰ সম্ভাৱনা—এই পাঁচটা মূল মাপকাঠীৰ ভিত্তিত প্ৰাৰ্থীসকলৰ মূল্যায়ন কৰা হৈছিল। বিচাৰকৰ দলটোত গেটছ ফাউণ্ডেচন, গুগল, আই বি এম, ছেইড বিজনেছ স্কুল, ছিডষ্টাৰ্ছ কেপিটেল আৰু বিশ্ব অৰ্থনৈতিক মঞ্চৰ সৈতে জড়িত বিশেষজ্ঞসকলো আছিল।‘মিনিংফুল বিজনেছ’ৰ প্ৰতিষ্ঠাপক তথা মুখ্য কাৰ্যবাহী বিষয়া টম লিটন-ডিকিয়ে জাহ্নৱী ফুকনক অভিনন্দন জনাই কয় যে ‘লাহে লুমছ’ৰ জৰিয়তে তেওঁৰ কৰ্মই প্ৰমাণ কৰিছে, সম্প্ৰসাৰণযোগ্য ব্যৱসায়িক আৰ্হি আৰু প্ৰযুক্তিৰ সহায়ত সমাজত বাস্তৱিক আৰু ইতিবাচক পৰিৱৰ্তন সাধন কৰিব পাৰি। এইবাৰৰ নিৰ্বাচিত ব্যক্তিসকলৰ সফলতাই অধিক বহনক্ষম ভৱিষ্যৎ গঢ়াৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলিও তেওঁ মন্তব্য কৰে।উল্লেখ্য যে ‘মিনিংফুল বিজনেছ ১০০’ কাৰ্যসূচী বৰ্তমান অষ্টম বৰ্ষত উপনীত হৈছে। এই কাৰ্যসূচীৰ অধীনত নিৰ্বাচিত ব্যক্তিসকলক এক আন্তঃৰাষ্ট্ৰীয় সহযোগী নেটৱৰ্কৰ সৈতে সংযুক্ত কৰাৰ লগতে তেওঁলোকৰ কৰ্মদক্ষতা বৃদ্ধিৰ বাবে বিভিন্ন প্ৰশিক্ষণ আৰু বিনামূলীয়া পেছাদাৰী সহায় আগবঢ়োৱা হয়। ই ৱাই, হোগান লাভেলছ, কেডৱালাডাৰ, ফৰ্ষ্টাৰ কমিউনিকেচনছ, নৰ্থইষ্টাৰ্ণ ইউনিভাৰ্ছিটি আৰু দ্য পৰ্টমেন ইষ্টেটৰ দৰে প্ৰতিষ্ঠানো এই কাৰ্যসূচীৰ সহযোগী।পৰ্যটন ক্ষেত্ৰত তিনিটা দশকৰো অধিক অভিজ্ঞতাসম্পন্ন জাহ্নৱী ফুকনে অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ ঐতিহ্য, সংস্কৃতি আৰু পৰম্পৰাক দেশ-বিদেশৰ সন্মুখত দাঙি ধৰাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। তেওঁৰ প্ৰতিষ্ঠান ‘লাহে লুমছ’ৰ মূল লক্ষ্য হৈছে অসমৰ পৰম্পৰাগত হস্ততাঁত আৰু ৰেচম শিল্পৰ ঐতিহ্য সংৰক্ষণ কৰাৰ লগতে মহিলা শিপিনীসকলৰ বাবে বহনক্ষম জীৱিকাৰ সুযোগ সৃষ্টি কৰা।প্ৰতিষ্ঠানটোৱে ‘ফাৰ্ম-টু-ফেশ্বন’ অৰ্থাৎ উৎপাদনৰ উৎসৰ পৰা সাজ-পোছাক প্ৰস্তুত আৰু বিপণনলৈকে বিস্তৃত এক ব্যৱসায়িক আৰ্হি অনুসৰণ কৰে। ইয়াৰ জৰিয়তে স্থানীয়ভাৱে উৎপাদিত ৰেচমৰ সংগ্ৰহ, শিপিনী সম্প্ৰদায়ক সহায়, পৰম্পৰাগত বয়নশিল্পৰ বিকাশ আৰু অসমৰ থলুৱা কাৰুশিল্পৰ আধাৰত আধুনিক সাজ-পোছাক তথা বস্ত্ৰৰ প্ৰস্তুত আৰু বিক্ৰীৰ ব্যৱস্থা কৰা হয়।‘লাহে লুমছ’ৰ উপৰি জাহ্নৱী ফুকন ‘জংগল ট্ৰেভেলছ ইণ্ডিয়া’ আৰু ‘অসম বেংগল নেভিগেচন কোম্পানী’ৰ সহ-প্ৰতিষ্ঠাপক তথা সঞ্চালক। ইয়াৰ লগতে তেওঁ ২০২০-২১ বৰ্ষত এফ আই চি চি আই লেডিজ অৰ্গেনাইজেচন (এফ এল অ’)ৰ ৰাষ্ট্ৰীয় সভানেত্ৰী হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল।জাহ্নৱী ফুকনৰ এই আন্তঃৰাষ্ট্ৰীয় স্বীকৃতিয়ে অসমৰ থলুৱা উদ্যোগ, পৰম্পৰাগত বস্ত্ৰশিল্প আৰু মহিলা উদ্যোগীকৰণৰ সম্ভাৱনাক পুনৰবাৰ বিশ্বৰ দৰবাৰত উজলাই তুলিছে। ব্যৱসায়ৰ জৰিয়তে সামাজিক অন্তৰ্ভুক্তি, মহিলা সবলীকৰণ আৰু পৰিৱেশ-অনুকূল উন্নয়নক আগুৱাই নিয়াৰ ক্ষেত্ৰত তেওঁৰ উদ্যোগে অসমৰ বাবে এক ইতিবাচক বাৰ্তা বহন কৰিছে

🗞️ ছপা সংস্কৰণ আৰু ই-বাতৰি
এই বাতৰি আজিৰ সম্পূৰ্ণ ৮ পৃষ্ঠাৰ ডিজিটেল ই-বাতৰিত পঢ়ক

সম্পূৰ্ণ সংবাদপত্ৰৰ ৰূপত আল্ট্ৰা-এইচডি জুম আৰু PDF ডাউনলোড সুবিধা।

এই সংবাদ শ্বেয়াৰ কৰক:
WhatsApp X (Twitter) Facebook

আন্তঃৰাষ্ট্ৰীয় বিভাগৰ অধিক সংবাদ