ভূটানত ১ নৱেম্বৰত একেদিনাই স্থাপন হ’ব ১০৮টা বৌদ্ধ স্তূপ
গেলেফুৰ মাইণ্ডফুলনেছ চিটীত ৰাজকীয় আয়োজন, সমবেত হ’ব দেশ-বিদেশৰ লাখ লাখ লোক
অসম জাতিৰ খবৰ, ২৯ অক্টোবৰঃ ইতিহাস ৰচিবলৈ সাজু হৈছে চুবুৰীয়া ৰাষ্ট্ৰ ভূটান। দেশখনৰ ৰজা জিগমে খেচাৰ নামগিয়েল ৱাংচুকে গ্ৰহণ কৰা এক বিশেষ উদ্যোগৰ অংশ হিচাপে অহা ১ নৱেম্বৰত গেলেফুৰ মাইণ্ডফুলনেছ চিটীত একেদিনাই ১০৮টা বৌদ্ধ স্তূপ স্থাপন আৰু পবিত্ৰকৰণৰ ৰাজকীয় আয়োজন কৰা হৈছে। মাও ছূ নদীৰ পাৰত অনুষ্ঠিত হ’বলগীয়া এই ধৰ্মীয় আৰু আধ্যাত্মিক কাৰ্যসূচীত দেশ-বিদেশৰ ধৰ্মগুৰু, পৰ্যটক আৰু ভক্তৰ বৃহৎ সমাগম হোৱাৰ সম্ভাৱনা আছে।
উল্লেখযোগ্য যে, আধুনিক অৰ্থনৈতিক বিকাশৰ সৈতে ভূটানৰ পৰম্পৰাগত ‘ঘৰুৱা সুখ-শান্তিৰ সূচকাংক’ আৰু বৌদ্ধ দৰ্শনৰ সমন্বয় সাধনৰ লক্ষ্যৰে গেলেফু মাইণ্ডফুলনেছ চিটী গঢ়ি তোলাৰ পৰিকল্পনা কৰা হৈছে। এই চহৰখনক কেৱল অৰ্থনৈতিক বিকাশৰ কেন্দ্ৰ হিচাপেই নহয়, বৰঞ্চ মানসিক শান্তি, আধ্যাত্মিকতা আৰু প্ৰকৃতিৰ সৈতে মানুহৰ সম্পৰ্কৰ এক বিশেষ ক্ষেত্ৰ হিচাপেও গঢ়ি তোলাৰ প্ৰচেষ্টা চলোৱা হৈছে। ১০৮টা জাংচুব স্তূপ স্থাপনৰ এই কাৰ্যসূচীয়ে সেই পৰিকল্পনাক বিশেষ তাৎপৰ্য প্ৰদান কৰিব বুলি আশা কৰা হৈছে।
আনহাতে, প্ৰাকৃতিক সৌন্দৰ্য, পাহাৰীয়া পৰিৱেশ আৰু পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ বাবে ভূটান দীৰ্ঘদিন ধৰি পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰ হৈ আহিছে। ভাৰতীয় নাগৰিকসকলৰ বাবেও দেশখন ভ্ৰমণৰ ক্ষেত্ৰত বিশেষ সুবিধা আছে। বৈধ পৰিচয়-পত্ৰৰ ভিত্তিত ভাৰতীয় নাগৰিকে ভূটান ভ্ৰমণ কৰিব পাৰে আৰু দেশখনত ভাৰতীয় মুদ্ৰাৰো ব্যৱহাৰ হয়। অসমৰ সৈতে ভৌগোলিকভাৱে ওচৰত অৱস্থিত হোৱাৰ বাবে ভূটানৰ এই বিশেষ আয়োজন উত্তৰ-পূৰ্বাঞ্চলৰ পৰ্যটকৰ বাবেও আকৰ্ষণৰ বিষয় হৈ পৰিছে।
অহা ১ নৱেম্বৰত গেলেফুত অনুষ্ঠিত হ’বলগীয়া এই ৰাজকীয় ধৰ্মীয় অনুষ্ঠানক কেন্দ্ৰ কৰি ইতিমধ্যে ব্যাপক আগ্ৰহৰ সৃষ্টি হৈছে। ১০৮টা বৌদ্ধ স্তূপৰ স্থাপন আৰু পবিত্ৰকৰণৰ জৰিয়তে ভূটানে আধুনিক বিকাশৰ লগতে নিজৰ ধৰ্মীয় পৰম্পৰা আৰু আধ্যাত্মিক মূল্যবোধকো বিশ্বৰ আগত দাঙি ধৰিবলৈ সাজু হৈছে।
সম্পূৰ্ণ সংবাদপত্ৰৰ ৰূপত আল্ট্ৰা-এইচডি জুম আৰু PDF ডাউনলোড সুবিধা।
আন্তঃৰাষ্ট্ৰীয় বিভাগৰ অধিক সংবাদ
আন্তঃৰাষ্ট্ৰীয়
বাংলাদেশৰ নিৰ্বাচনত আৱামী লীগৰ নিষেধাজ্ঞাক লৈ ৰাষ্ট্ৰসংঘৰ কাষ চাপিল শ্বেখ হাছিনা
আন্তঃৰাষ্ট্ৰীয়