🔴 ব্ৰেকিং নিউজ
প্ৰথম পৃষ্ঠা › আন্তঃৰাষ্ট্ৰীয় › বাংলাদেশৰ নিৰ্বাচনত আৱামী লীগৰ নিষেধাজ্ঞাক লৈ ৰ...
আন্তঃৰাষ্ট্ৰীয়

বাংলাদেশৰ নিৰ্বাচনত আৱামী লীগৰ নিষেধাজ্ঞাক লৈ ৰাষ্ট্ৰসংঘৰ কাষ চাপিল শ্বেখ হাছিনা

দলটোক নিৰ্বাচনত অংশগ্ৰহণৰ পৰা আঁতৰাই ৰখাৰ বিৰুদ্ধে ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ বিশেষজ্ঞসকলৰ জৰুৰী হস্তক্ষেপৰ আহ্বান, গণতান্ত্ৰিক অধিকাৰ খৰ্ব কৰাৰ অভিযোগ

বাংলাদেশৰ নিৰ্বাচনত আৱামী লীগৰ নিষেধাজ্ঞাক লৈ ৰাষ্ট্ৰসংঘৰ কাষ চাপিল শ্বেখ হাছিনা

অসম জাতিৰ খবৰ, ২৮ অক্টোবৰঃ বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই দেশখনৰ ৰাজনৈতিক দল আৱামী লীগৰ ওপৰত অব্যাহত থকা নিষেধাজ্ঞা আৰু নিৰ্বাচনী প্ৰক্ৰিয়াৰ পৰা দলটোক আঁতৰাই ৰখাৰ বিষয়টোক লৈ ৰাষ্ট্ৰসংঘৰ কাষ চাপিছে। মেট্ৰিক্স চেম্বাৰ্ছৰ দ্বাৰা প্ৰকাশিত এখন পত্ৰৰ তথ্য অনুসৰি, হাছিনাই ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ সম্পৰ্কীয় তিনিগৰাকী বিশেষ প্ৰতিবেদকৰ ওচৰত এই বিষয়টো উত্থাপন কৰি দলটোৰ ওপৰত থকা নিষেধাজ্ঞাৰ বিৰুদ্ধে জৰুৰী আন্তঃৰাষ্ট্ৰীয় পদক্ষেপ গ্ৰহণৰ আহ্বান জনাইছে।

হাছিনাই তেওঁৰ পত্ৰত অভিযোগ কৰিছে যে আৱামী লীগৰ ওপৰত নিষেধাজ্ঞা অব্যাহত ৰখাৰ ফলত গণতান্ত্ৰিক অংশগ্ৰহণৰ অধিকাৰ খৰ্ব হৈছে আৰু বাংলাদেশৰ জনসাধাৰণৰ এটা বৃহৎ অংশৰ ৰাজনৈতিক অধিকাৰ ক্ষুণ্ণ হৈছে। তেওঁৰ মতে, এই নিষেধাজ্ঞাই আন্তঃৰাষ্ট্ৰীয় মানৱ অধিকাৰ সুৰক্ষাৰ নীতি-নিয়মৰো উলংঘন কৰিছে।

প্ৰকাশিত পত্ৰখনত উল্লেখ কৰা অনুসৰি, বাংলাদেশৰ অন্তৱৰ্তীকালীন প্ৰশাসনে প্ৰথমে আৱামী লীগৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰিছিল। পৰৱৰ্তী সময়ত বাংলাদেশ জাতীয়তাবাদী দলৰ (বি এন পি) নেতা তাৰিক ৰহমানৰ নেতৃত্বত গঠিত নতুন চৰকাৰেও এই নিষেধাজ্ঞা বাহাল ৰাখি আনুষ্ঠানিক ৰূপ দিয়ে বুলি পত্ৰখনত অভিযোগ উত্থাপন কৰা হৈছে।

উল্লেখযোগ্য যে ২০২৬ চনৰ ফেব্ৰুৱাৰীত অনুষ্ঠিত নিৰ্বাচনৰ পিছত বি এন পি ক্ষমতালৈ আহিছিল। উক্ত নিৰ্বাচনত আৱামী লীগক প্ৰতিদ্বন্দ্বিতা কৰিবলৈ অনুমতি দিয়া হোৱা নাছিল। পত্ৰখনত দাবী কৰা হৈছে যে দেশখনত দলটোৰ প্ৰতি উল্লেখযোগ্য জনসমৰ্থন থকা সত্ত্বেও নিৰ্বাচনী প্ৰক্ৰিয়াৰ পৰা ইয়াক আঁতৰাই ৰখা হৈছিল। ফলত নিৰ্বাচনটো মুক্ত, নিকা আৰু সকলোৰে অংশগ্ৰহণমূলক হোৱা নাছিল বুলিও অভিযোগ কৰা হৈছে।

ইয়াৰ উপৰি, দেশখনৰ এটা বৃহৎ ৰাজনৈতিক দলক নিৰ্বাচনত অংশগ্ৰহণৰ সুযোগ নিদিয়াৰ পৰিপ্ৰেক্ষিতত নিৰ্বাচনৰ ফলাফলৰ বৈধতাক লৈও প্ৰশ্ন উত্থাপন কৰা হৈছে। আৱামী লীগৰ ওপৰত থকা নিষেধাজ্ঞা আৰু ইয়াৰ ফলত সৃষ্টি হোৱা ৰাজনৈতিক পৰিস্থিতিৰ ক্ষেত্ৰত ৰাষ্ট্ৰসংঘই কি পদক্ষেপ গ্ৰহণ কৰে, সেয়া এতিয়া লক্ষণীয় হ’ব।

🗞️ ছপা সংস্কৰণ আৰু ই-বাতৰি
এই বাতৰি আজিৰ সম্পূৰ্ণ ৮ পৃষ্ঠাৰ ডিজিটেল ই-বাতৰিত পঢ়ক

সম্পূৰ্ণ সংবাদপত্ৰৰ ৰূপত আল্ট্ৰা-এইচডি জুম আৰু PDF ডাউনলোড সুবিধা।

এই সংবাদ শ্বেয়াৰ কৰক:
WhatsApp X (Twitter) Facebook

আন্তঃৰাষ্ট্ৰীয় বিভাগৰ অধিক সংবাদ