ভেটো ক্ষমতা অবিহনে স্থায়ী সদস্যপদ অৰ্থহীন! ৰাষ্ট্ৰসংঘৰ মজিয়াত ক্ষমতাৰ বিকেন্দ্ৰীকৰণৰ দাবী ভাৰতৰ
ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ সংস্কাৰৰ ক্ষেত্ৰত সকলো স্থায়ী সদস্যৰ বাবে সম-অধিকাৰ আৰু ভেটো ক্ষমতাৰ দাবী ভাৰতৰ। কেৱল অস্থায়ী সদস্যৰ সংখ্যা বৃদ্ধি কৰি প্ৰকৃত সংস্কাৰ সম্ভৱ নহয় বুলি স্পষ্ট স্থিতি নতুন দিল্লীৰ।
ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ সংস্কাৰ প্ৰক্ৰিয়াত ভেটো ক্ষমতাক লৈ নিজৰ স্থিতি স্পষ্ট কৰিছে ভাৰতে। ভেটো ক্ষমতা অবিহনে নতুন স্থায়ী সদস্যৰ শ্ৰেণী সৃষ্টি কৰিলে সেই সদস্যপদ ‘দ্বিতীয় শ্ৰেণীৰ’ হৈ পৰিব বুলি যুক্তি দৰ্শাইছে নতুন দিল্লীয়ে। ভাৰতৰ মতে, নিৰাপত্তা পৰিষদত যদিহে ভেটো ক্ষমতাৰ ব্যৱস্থা বাহাল থাকে, তেন্তে সকলো স্থায়ী সদস্যকে এই ক্ষমতা সমানে প্ৰদান কৰিব লাগিব। কেৱল অস্থায়ী সদস্যৰ সংখ্যা বৃদ্ধি কৰাটো প্ৰকৃত সংস্কাৰ হ’ব নোৱাৰে বুলিও ভাৰতে মত প্ৰকাশ কৰিছে।বৰ্তমান ১৫খন সদস্য ৰাষ্ট্ৰৰে গঠিত ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত চীন, ফ্ৰান্স, ৰাছিয়া, ব্ৰিটেইন আৰু আমেৰিকা যুক্তৰাষ্ট্ৰ—এই পাঁচখন দেশ স্থায়ী সদস্য হিচাপে আছে। এই দেশকেইখনৰ হাতত বিশেষ ভেটো ক্ষমতা আছে। আনহাতে, বাকী ১০খন দেশ দুবছৰৰ কাৰ্যকালৰ বাবে অস্থায়ী সদস্য হিচাপে নিৰ্বাচিত হয়। ভাৰতৰ দীৰ্ঘদিনীয়া দাবী হৈছে, নিৰাপত্তা পৰিষদৰ স্থায়ী আৰু অস্থায়ী—উভয় শ্ৰেণীৰ সদস্যৰ সংখ্যা বৃদ্ধি কৰি ইয়াক অধিক প্ৰতিনিধিত্বমূলক কৰি তোলা।
১৯৪৫ চনত প্ৰতিষ্ঠা হোৱা নিৰাপত্তা পৰিষদৰ বৰ্তমানৰ গাঁথনিয়ে একবিংশ শতিকাৰ পৰিৱৰ্তিত ভূ-ৰাজনৈতিক বাস্তৱতা আৰু বিশ্বৰ শক্তিৰ সমীকৰণক যথাযথভাৱে প্ৰতিফলিত নকৰে বুলি ভাৰতে দীৰ্ঘদিন ধৰি যুক্তি দৰ্শাই আহিছে। সেয়েহে, পৰিষদৰ গাঁথনিগত সংস্কাৰৰ জৰিয়তে উন্নয়নশীল দেশসমূহকে ধৰি অধিকসংখ্যক ৰাষ্ট্ৰক সিদ্ধান্ত গ্ৰহণৰ প্ৰক্ৰিয়াত প্ৰতিনিধিত্ব প্ৰদানৰ পোষকতা কৰি আহিছে নতুন দিল্লীয়ে। ইফালে, নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্যপদৰ দাবী অব্যাহত ৰখাৰ সমান্তৰালভাৱে ভাৰতে ২০২৮-২৯ বৰ্ষৰ বাবে অস্থায়ী সদস্যপদৰ বাবেও প্ৰতিদ্বন্দ্বিতা কৰিছে। ২০২৬ চনৰ জুন মাহত অনুষ্ঠিত হ’বলগীয়া নিৰ্বাচনত এছিয়া-পেচিফিক গোটৰ একমাত্ৰ আসনখনৰ বাবে ভাৰত তাজিকিস্তানৰ সৈতে প্ৰতিদ্বন্দ্বিতাত অৱতীৰ্ণ হ’ব। উল্লেখযোগ্য যে, ইয়াৰ পূৰ্বে ২০২১-২২ বৰ্ষত ভাৰতে অষ্টমবাৰৰ বাবে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ অস্থায়ী সদস্য হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।
সম্পূৰ্ণ সংবাদপত্ৰৰ ৰূপত আল্ট্ৰা-এইচডি জুম আৰু PDF ডাউনলোড সুবিধা।
আন্তঃৰাষ্ট্ৰীয় বিভাগৰ অধিক সংবাদ
আন্তঃৰাষ্ট্ৰীয়