উত্তৰাখণ্ডত বদ্ৰীনাথৰ পৰা উভতি অহা হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত, ৬জন আৰোহী আছিল
চামোলী জিলাৰ যোশীমঠৰ সমীপত সংঘটিত দুৰ্ঘটনা; পাইলটসহ পাঁচজন যাত্ৰী আছিল হেলিকপ্টাৰখনত, উদ্ধাৰ অভিযান আৰম্ভ
অসম জাতিৰ খবৰ, ৩০ অক্টোবৰঃ উত্তৰাখণ্ডৰ চামোলী জিলাৰ যোশীমঠৰ সমীপত শুকুৰবাৰে দুপৰীয়া এখন হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত হয়। ট্ৰান্স ভাৰত এভিয়েচনৰ দ্বাৰা পৰিচালিত হেলিকপ্টাৰখন বদ্ৰীনাথৰ পৰা ডেৰাডুনলৈ গৈ থকা অৱস্থাত দুৰ্ঘটনাত পতিত হয়। হেলিকপ্টাৰখনত পাইলটসহ মুঠ ছয়জন লোক আছিল।
প্ৰাপ্ত তথ্য অনুসৰি, ভিটি-এইচচিএক্স সংকেত নম্বৰৰ হেলিকপ্টাৰখনে দুপৰীয়া প্ৰায় ১ বাজি ১৪ মিনিটত বদ্ৰীনাথৰ পৰা উৰণ আৰম্ভ কৰিছিল। ইয়াৰ গন্তব্যস্থান আছিল ডেৰাডুনৰ সহস্ৰধাৰা। কিন্তু যোশীমঠ উপত্যকাৰ ওপৰেৰে উৰি যোৱাৰ সময়তে হেলিকপ্টাৰখনৰ সৈতে যোগাযোগ বিচ্ছিন্ন হয়। একে সময়তে ইয়াৰ অনুসৰণ ব্যৱস্থাইও সংকেত প্ৰেৰণ কৰা বন্ধ কৰে।
পৰৱৰ্তী সময়ত অঞ্চলটোত হেলিকপ্টাৰখন দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ খবৰ পোহৰলৈ অহাৰ পিছতে অনুসন্ধান আৰু উদ্ধাৰ অভিযান আৰম্ভ কৰা হয়। দুৰ্ঘটনাগ্ৰস্ত হেলিকপ্টাৰখনৰ সন্ধান আৰু উদ্ধাৰ অভিযানৰ বাবে সংশ্লিষ্ট কৰ্তৃপক্ষই ব্যৱস্থা গ্ৰহণ কৰিছে।
হেলিকপ্টাৰখনৰ পাইলটজনক কেপ্টেইন হিমাংশু বুলি চিনাক্ত কৰা হৈছে। আন পাঁচগৰাকী যাত্ৰী হৈছে প্ৰতাপ, অৰুণ, শংকৰ গৌড়া, সুধীৰ কে আৰু এইচ এছ নটৰাজ।
প্ৰাৰম্ভিক তথ্য অনুসৰি, দুৰ্ঘটনাৰ সময়ত অঞ্চলটোত প্ৰতিকূল বতৰ, প্ৰচণ্ড বৰষুণ আৰু ঘন ডাৱৰৰ আৱৰণ আছিল। অৱশ্যে দুৰ্ঘটনাৰ প্ৰকৃত কাৰণ সন্দৰ্ভত এতিয়ালৈকে নিশ্চিত তথ্য প্ৰকাশ পোৱা নাই।
সম্পূৰ্ণ সংবাদপত্ৰৰ ৰূপত আল্ট্ৰা-এইচডি জুম আৰু PDF ডাউনলোড সুবিধা।
ৰাষ্ট্ৰীয় বিভাগৰ অধিক সংবাদ
ৰাষ্ট্ৰীয়
ভাৰতৰ সময় নিৰ্ধাৰণৰ স্বনিৰ্ভৰতা বৃদ্ধিৰ লক্ষ্যৰে পাৰমাণৱিক ঘড়ীযুক্ত উপগ্ৰহ উৎক্ষেপণ ইছৰোৰ
ৰাষ্ট্ৰীয়