🔴 ব্ৰেকিং নিউজ
প্ৰথম পৃষ্ঠা › ৰাষ্ট্ৰীয় › স্থলভাগত প্ৰৱেশৰ পিছতে দুৰ্বল ঘূৰ্ণীবতাহ ‘আৰ্নড...
ৰাষ্ট্ৰীয়

স্থলভাগত প্ৰৱেশৰ পিছতে দুৰ্বল ঘূৰ্ণীবতাহ ‘আৰ্নড’, অন্ধ্ৰপ্ৰদেশ আৰু ওড়িশাৰ উপকূলত প্ৰবল বৰষুণৰ তাণ্ডৱ

ঘণ্টাত ১৩৫ৰ পৰা ১৫০ কিলোমিটাৰ বেগেৰে ধুমুহা, প্ৰায় ৮৫ হাজাৰ লোকক নিৰাপদ স্থানলৈ স্থানান্তৰ

স্থলভাগত প্ৰৱেশৰ পিছতে দুৰ্বল ঘূৰ্ণীবতাহ ‘আৰ্নড’, অন্ধ্ৰপ্ৰদেশ আৰু ওড়িশাৰ উপকূলত প্ৰবল বৰষুণৰ তাণ্ডৱ

অসম জাতিৰ খবৰ,নিউজ ডেস্ক, ২৮ অক্টোবৰঃ ঘূৰ্ণীবতাহ ‘আৰ্নড’-এ অন্ধ্ৰপ্ৰদেশ আৰু ওড়িশাৰ উপকূলৰ সমীপত স্থলভাগত প্ৰৱেশৰ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰাৰ পিছত ইয়াৰ তীব্ৰতা হ্ৰাস পাইছে। অতি প্ৰবল ঘূৰ্ণীবতাহৰ পৰা ই প্ৰবল ঘূৰ্ণীবতাহলৈ দুৰ্বল হৈছে যদিও অন্ধ্ৰপ্ৰদেশ, ওড়িশা আৰু উত্তৰ তামিলনাডুৰ কিছু অঞ্চলত প্ৰকৃতিৰ তাণ্ডৱ অব্যাহত আছে। ঘণ্টাত প্ৰায় ১৩৫ৰ পৰা ১৫০ কিলোমিটাৰ বেগেৰে অহা ধুমুহাৰ লগতে ধাৰাসাৰ বৰষুণে উপকূলীয় অঞ্চলসমূহত ব্যাপক ক্ষতিসাধন কৰিছে।

ধুমুহা আৰু প্ৰবল বৰষুণৰ ফলত কেইবাটাও নিম্নাঞ্চলত কৃত্ৰিম বানৰ সৃষ্টি হৈছে। নলা-নৰ্দমা আৰু খালসমূহৰ পানী উপচি পৰাৰ লগতে বহু ঠাইত গছ-গছনি উভালি পৰিছে। ইয়াৰ ফলত যান-বাহনৰ ক্ষতিসাধন হোৱাৰ উপৰি যাতায়াত ব্যৱস্থা ব্যাহত হৈছে। বিশেষকৈ উপকূলীয় অঞ্চল আৰু নিম্নভূমিত বসবাস কৰা লোকসকল অধিক সমস্যাৰ সন্মুখীন হৈছে।

সম্ভাৱ্য প্ৰাণহানি ৰোধ কৰাৰ লক্ষ্যৰে প্ৰশাসনে ব্যাপক আগতীয়া সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰিছে। বিপদসংকুল অঞ্চলসমূহৰ পৰা প্ৰায় ৮৫ হাজাৰ লোকক স্থানান্তৰ কৰি নিৰাপদ ওখ স্থান আৰু সাহায্য শিবিৰত আশ্ৰয় দিয়া হৈছে। উদ্ধাৰকাৰী দল আৰু প্ৰশাসনৰ কৰ্মীসকলে পথত পৰি থকা গছ-গছনি আঁতৰোৱা, যাতায়াত পুনৰ স্বাভাৱিক কৰা আৰু পানী নিষ্কাশনৰ ব্যৱস্থা সুচল কৰাৰ বাবে কাম কৰি আছে।

অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী নাৰা চন্দ্ৰবাবু নাইডুৱে পৰিস্থিতিৰ ওপৰত নিৰন্তৰ নজৰ ৰাখিছে। চৰকাৰী বিভাগসমূহক উদ্ধাৰ আৰু সাহায্য অভিযান ত্বৰান্বিত কৰাৰ লগতে বিপদাপন্ন লোকসকলক প্ৰয়োজনীয় সহায় আগবঢ়োৱাৰ ক্ষেত্ৰত সতৰ্ক হৈ থাকিবলৈ নিৰ্দেশ দিয়া হৈছে।

বতৰ বিজ্ঞানীসকলে সকীয়াই দিছে যে ঘূৰ্ণীবতাহৰ তীব্ৰতা হ্ৰাস পালেও উপকূলীয় অঞ্চলসমূহৰ বিপদ সম্পূৰ্ণৰূপে আঁতৰি যোৱা নাই। স্থলভাগত প্ৰৱেশৰ পিছতো পৰৱৰ্তী ২৪ ঘণ্টালৈ প্ৰবল বৰষুণ আৰু ঘূৰ্ণীবতাহৰ প্ৰভাৱত সাগৰৰ পানীৰ অস্বাভাৱিক উত্থানৰ আশংকা থাকিব পাৰে। সেয়েহে উপকূলীয় অঞ্চলৰ বাসিন্দাসকলক প্ৰশাসনৰ নিৰ্দেশনা মানি চলিবলৈ আৰু সতৰ্ক হৈ থাকিবলৈ আহ্বান জনোৱা হৈছে।

🗞️ ছপা সংস্কৰণ আৰু ই-বাতৰি
এই বাতৰি আজিৰ সম্পূৰ্ণ ৮ পৃষ্ঠাৰ ডিজিটেল ই-বাতৰিত পঢ়ক

সম্পূৰ্ণ সংবাদপত্ৰৰ ৰূপত আল্ট্ৰা-এইচডি জুম আৰু PDF ডাউনলোড সুবিধা।

এই সংবাদ শ্বেয়াৰ কৰক:
WhatsApp X (Twitter) Facebook

ৰাষ্ট্ৰীয় বিভাগৰ অধিক সংবাদ