🔴 ব্ৰেকিং নিউজ
প্ৰথম পৃষ্ঠা › ৰাষ্ট্ৰীয় › চেন্নাইত অসম আৰু তামিলনাডুৰ ৰাজহুৱা উদ্যোগ সমিত...
ৰাষ্ট্ৰীয়

চেন্নাইত অসম আৰু তামিলনাডুৰ ৰাজহুৱা উদ্যোগ সমিতিৰ গুৰুত্বপূৰ্ণ বৈঠক

ৰাজহুৱা উদ্যোগৰ কাৰ্যদক্ষতা বৃদ্ধিৰ নতুন পথৰ সন্ধান কৰা হৈছে এই বৈঠকত।

চেন্নাইত অসম আৰু তামিলনাডুৰ ৰাজহুৱা উদ্যোগ সমিতিৰ গুৰুত্বপূৰ্ণ বৈঠক

চেন্নাইত অসম আৰু তামিলনাডুৰ ৰাজহুৱা উদ্যোগ সমিতিৰ গুৰুত্বপূৰ্ণ বৈঠক

অসম জাতিৰ খবৰ, চৰাইদেউৰ পৰা ৰাজু গগৈ প্ৰতিবেদন ২৬ অক্টোবৰ ২০২৬ : অসম চৰকাৰৰ ৰাজহুৱা উদ্যোগ সমিতিৰ অধ্যক্ষ প্ৰদ্যুৎ বৰদলৈৰ নেতৃত্বত বিধায়ক ক্ৰমে প্ৰকাশ চন্দ্ৰ দাস, শ্ববাহান আলী সৰকাৰ, আৰু আমিনুল হক লস্কৰে চেন্নাইত অসম আৰু তামিলনাডুৰ ৰাজহুৱা উদ্যোগ সমিতিৰ গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হৈছে। ৰাজহুৱা উদ্যোগৰ কাৰ্যদক্ষতা বৃদ্ধিৰ নতুন পথৰ সন্ধান কৰা হৈছে এই বৈঠকত। এই উচ্চস্তৰীয় বৈঠকত তামিলনাডু বিধানসভাৰ অধ্যক্ষ থিৰু জে. চি. ডি. প্ৰভাকৰ, সচিব আৰ. শান্তি, ৰাজহুৱা উদ্যোগ সমিতিৰ অধ্যক্ষ এ. কল্লানাই আৰু যুটীয়া সচিব পাৰ্লিন ৰূপকুমাৰ উপস্থিত থাকে। বৈঠকত দুয়োখন ৰাজ্যৰ ৰাজহুৱা উদ্যোগসমূহৰ আধুনিকীকৰণ, পৰিচালনাৰ সু-প্ৰণালী, কাৰ্যক্ষমতা বৃদ্ধি আৰু উৎপাদনশীলতা নিশ্চিত কৰাৰ বিভিন্ন দিশ সন্দৰ্ভত মত বিনিময় কৰা হয়। উল্লেখ্য যে, অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত ৰাজ্যখনত বন্ধ হৈ পৰা বা লোকচানত চলা ৰাজহুৱা উদ্যোগসমূহৰ পুনৰুজ্জীৱন আৰু বিকাশৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব আৰোপ কৰা হৈছে।

🗞️ ছপা সংস্কৰণ আৰু ই-বাতৰি
এই বাতৰি আজিৰ সম্পূৰ্ণ ৮ পৃষ্ঠাৰ ডিজিটেল ই-বাতৰিত পঢ়ক

সম্পূৰ্ণ সংবাদপত্ৰৰ ৰূপত আল্ট্ৰা-এইচডি জুম আৰু PDF ডাউনলোড সুবিধা।

এই সংবাদ শ্বেয়াৰ কৰক:
WhatsApp X (Twitter) Facebook

ৰাষ্ট্ৰীয় বিভাগৰ অধিক সংবাদ