মিজোৰামত ২০২৫ চনত ৩১,২৯৪টা জন্ম, মৃত্যু ১০,০৫৫
ৰাজ্য চৰকাৰৰ বাৰ্ষিক প্ৰতিবেদনত প্ৰকাশ; গ্ৰামাঞ্চলত জন্ম আৰু মৃত্যুৰ সংখ্যা নগৰ অঞ্চলতকৈ অধিক।
অসম জাতিৰ খবৰ, আইজল, ২ নৱেম্বৰঃ মিজোৰামত ২০২৫ চনত মুঠ ৩১,২৯৪টা জন্ম আৰু ১০,০৫৫টা মৃত্যুৰ ঘটনা পঞ্জীয়ন কৰা হৈছে। ৰাজ্য চৰকাৰৰ জন্ম-মৃত্যু পঞ্জীয়নৰ ২০২৫ বৰ্ষৰ বাৰ্ষিক প্ৰতিবেদনত এই তথ্য প্ৰকাশ পাইছে। প্ৰতিবেদন অনুসৰি, জন্ম আৰু মৃত্যু দুয়োটা ক্ষেত্ৰতে নগৰ অঞ্চলতকৈ গ্ৰামাঞ্চলৰ সংখ্যা অধিক।
পঞ্জীয়ন হোৱা মুঠ জন্মৰ ভিতৰত ১৭,৪২৬টা গ্ৰামাঞ্চলত আৰু ১৩,৮৬৮টা নগৰ অঞ্চলত সংঘটিত হৈছে। ইয়াৰে ১৫,৭৫১জন পুৰুষ আৰু ১৫,৫৪৩গৰাকী মহিলা শিশু। ৰাজ্যখনত প্ৰতি ১,০০০ পুৰুষৰ বিপৰীতে মহিলাৰ সংখ্যা ৯৮৭গৰাকী।
লিংগ অনুপাতৰ ক্ষেত্ৰত গ্ৰামাঞ্চলত প্ৰতি ১,০০০ পুৰুষৰ বিপৰীতে ১,০১২গৰাকী মহিলা থকাৰ বিপৰীতে নগৰ অঞ্চলত এই সংখ্যা ৯৫৫গৰাকী। ৰাজ্যখনৰ সামগ্ৰিক জন্মৰ হাৰ প্ৰতি ১,০০০ জনসংখ্যাৰ বিপৰীতে ২০.৭৮। গ্ৰামাঞ্চলত এই হাৰ ২১.৭৪ আৰু নগৰ অঞ্চলত ১৯.৬৯।
প্ৰতিবেদনত ১৮,৫৩৭টা চিকিৎসালয়ত হোৱা প্ৰসৱৰ তথ্যও উল্লেখ কৰা হৈছে। ইয়াৰে ১৪,১৪০টা গ্ৰামাঞ্চলত আৰু ৪,৩৯৭টা নগৰ অঞ্চলত সংঘটিত হৈছে।
আনহাতে, ২০২৫ চনত মিজোৰামত পঞ্জীয়ন হোৱা মুঠ ১০,০৫৫টা মৃত্যুৰ ভিতৰত ৬,৭৫৮টা গ্ৰামাঞ্চলত আৰু ৩,২৯৭টা নগৰ অঞ্চলত সংঘটিত হৈছে। মৃতকৰ ভিতৰত ৬,৫২০জন পুৰুষ আৰু ৩,৫৩৫গৰাকী মহিলা।
ৰাজ্যখনৰ সামগ্ৰিক মৃত্যুৰ হাৰ প্ৰতি ১,০০০ জনসংখ্যাৰ বিপৰীতে ৬.৬৮। গ্ৰামাঞ্চলত এই হাৰ ৮.৪৩ আৰু নগৰ অঞ্চলত ৪.৬৮।
ইয়াৰ উপৰি ২০২৫ চনত মিজোৰামত ২৬৩টা শিশুৰ মৃত্যুৰ ঘটনা পঞ্জীয়ন কৰা হৈছে। ইয়াৰে ১৬৮টা গ্ৰামাঞ্চলত আৰু ৯৫টা নগৰ অঞ্চলত সংঘটিত হৈছে। মৃত শিশুৰ ভিতৰত ১৩৪টা পুৰুষ আৰু ১২৯টা মহিলা শিশু। ৰাজ্যখনৰ সামগ্ৰিক শিশু মৃত্যুৰ হাৰ ৮.৪। গ্ৰামাঞ্চলত এই হাৰ ৯.৬৪ আৰু নগৰ অঞ্চলত ৬.৮৫।
প্ৰতিবেদন অনুসৰি, বছৰটোত মুঠ ৬৯টা মৃত সন্তান প্ৰসৱৰ ঘটনাও পঞ্জীয়ন কৰা হৈছে। ইয়াৰে ৪৫টা গ্ৰামাঞ্চলত আৰু ২৪টা নগৰ অঞ্চলত সংঘটিত হৈছে। সামগ্ৰিকভাৱে মৃত সন্তান প্ৰসৱৰ হাৰ ২.২০। গ্ৰামাঞ্চলত এই হাৰ ২.৫৮ আৰু নগৰ অঞ্চলত ১.৭৩।
সম্পূৰ্ণ সংবাদপত্ৰৰ ৰূপত আল্ট্ৰা-এইচডি জুম আৰু PDF ডাউনলোড সুবিধা।
উত্তৰ-পূব বিভাগৰ অধিক সংবাদ
উত্তৰ-পূব