উমৰাংছ’ত নতুন প্ৰজাতিৰ গেকোৰ আৱিষ্কাৰ
মিজোৰাম বিশ্ববিদ্যালয়ৰ গৱেষকৰ সাফল্য; ডিমা হাছাওৰ জৈৱ-বৈচিত্ৰ্যৰ নতুন তথ্য পোহৰলৈ
অসম জাতিৰ খবৰ, ২৯ অক্টোবৰঃ অসমৰ ডিমা হাছাও জিলাৰ উমৰাংছ’ৰ শিলাময় অঞ্চলত নতুন প্ৰজাতিৰ গেকো (এবিধ জেঠীজাতীয় সৰীসৃপ) আৱিষ্কাৰ কৰিছে মিজোৰাম বিশ্ববিদ্যালয়ৰ এদল গৱেষকে। ‘চিৰ্ট’ডেক্টাইলাছ ডায়ামেনছিছ’ নামেৰে নামকৰণ কৰা এই নতুন প্ৰজাতিটোৰ আৱিষ্কাৰে উত্তৰ-পূৰ্বাঞ্চলৰ সমৃদ্ধ জৈৱ-বৈচিত্ৰ্যৰ বিষয়ে নতুন তথ্য পোহৰলৈ আনিছে। এই গৱেষণাৰ ফলাফল ‘জাৰ্নেল অৱ থ্ৰেটেনড টেক্সা’ নামৰ বিজ্ঞানভিত্তিক আলোচনীত প্ৰকাশ পাইছে।
উল্লেখযোগ্য যে, ক্ৰিজোটিয়া থাওচেন, মাথিপি ভেইবেৰুৰেইলাই, মাৰা ডুৱা হ্লিচো আৰু হ্মাৰ ফ্লাউটে নামৰ গৱেষকসকলে এই অধ্যয়ন সম্পন্ন কৰে। ২০২৫ চনৰ আগষ্ট আৰু ২০২৬ চনৰ জুলাই মাহত ক্ষেত্ৰভিত্তিক গৱেষণাৰ সময়ত সংগ্ৰহ কৰা নমুনাসমূহ পৰীক্ষা কৰি তেওঁলোকে নতুন প্ৰজাতিটোৰ পৰিচয় নিশ্চিত কৰে। মুঠ সাত নিশা ধৰি চলোৱা পৰ্যবেক্ষণৰ লগতে নমুনাসমূহৰ শাৰীৰিক বৈশিষ্ট্য, জিনীয় গঠন আৰু বাসস্থানৰ ক্ষুদ্ৰ পৰিৱেশ অধ্যয়ন কৰা হৈছিল।
গৱেষণাৰ তথ্য অনুসৰি, নতুনকৈ আৱিষ্কৃত ‘চিৰ্ট’ডেক্টাইলাছ ডায়ামেনছিছ’ প্ৰজাতিটোৰ সৈতে ‘চিৰ্ট’ডেক্টাইলাছ অৰুণাচলেনছিছ’ প্ৰজাতিটোৰ ঘনিষ্ঠ সম্পৰ্ক আছে। অৱশ্যে, দুয়োটা প্ৰজাতিৰ মাজত জিনীয় গঠন আৰু শাৰীৰিক বৈশিষ্ট্যৰ ক্ষেত্ৰত পাৰ্থক্য দেখা গৈছে। এই পাৰ্থক্যসমূহৰ বিশ্লেষণৰ জৰিয়তে গৱেষকসকলে নতুন প্ৰজাতিটোৰ স্বকীয় পৰিচয় প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হয়।
এই আৱিষ্কাৰে ডিমা হাছাওৰ শিলাময় ভূ-প্ৰকৃতিৰ পৰিৱেশগত গুৰুত্ব পুনৰ উন্মোচন কৰিছে। অঞ্চলটোৰ এনে বাসস্থানত এতিয়াও বহুতো জীৱ-প্ৰজাতিৰ বিষয়ে বিস্তৃত গৱেষণাৰ প্ৰয়োজন আছে। গৱেষকসকলৰ এই সাফল্যই অসমৰ লগতে সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলত জৈৱ-বৈচিত্ৰ্যৰ অধিক অধ্যয়ন, প্ৰাকৃতিক বাসস্থান সংৰক্ষণ আৰু বিৰল প্ৰজাতিসমূহৰ সুৰক্ষাৰ প্ৰয়োজনীয়তাকো বিশেষভাৱে প্ৰতিফলিত কৰিছে।
সম্পূৰ্ণ সংবাদপত্ৰৰ ৰূপত আল্ট্ৰা-এইচডি জুম আৰু PDF ডাউনলোড সুবিধা।
অসম বিভাগৰ অধিক সংবাদ
অসম
এমএলচি নিৰ্বাচনক লৈ মোদীক গৌৰৱ গগৈৰ প্ৰশ্ন, ‘গণতন্ত্ৰ হৰণৰ’ বিষয়ত কিয় নীৰৱ প্ৰধানমন্ত্ৰী?
অসম