অকলেণ্ডত ‘টেম্পল’ এআই ডিভাইচ পৰীক্ষা কৰিলে শুভমন গিলে
নিউজিলেণ্ডৰ বিৰুদ্ধে টি-২০ শৃংখলাৰ অনুশীলনত ভাৰতীয় দলত যোগ দিলে গিলে; চৰ্চাত ডিপিন্দৰ গোৱেলৰ নতুন প্ৰযুক্তি
অসম জাতিৰ খবৰ, ২৯ অক্টোবৰঃ নিউজিলেণ্ডৰ বিৰুদ্ধে চলি থকা টি-২০ শৃংখলাৰ মাজতে অকলেণ্ডত ভাৰতীয় দলৰ অনুশীলনত যোগ দিছে শুভমন গিল, কে এল ৰাহুলকে ধৰি দীঘলীয়া ফৰ্মেটৰ কেইবাগৰাকীও তাৰকা ক্ৰিকেটাৰে। বৃহস্পতিবাৰে অনুষ্ঠিত অনুশীলনৰ সময়ত ভাৰতীয় এদিনীয়া আৰু টেষ্ট দলৰ অধিনায়ক শুভমন গিলৰ কপালত দেখা পোৱা এটা বিশেষ কৃত্ৰিম বুদ্ধিমত্তা (এআই) ভিত্তিক ফিটনেছ ট্ৰেকিং ডিভাইচে বিশেষ চৰ্চা লাভ কৰে। ‘টেম্পল’ নামৰ এই অপ্ৰকাশিত ডিভাইচটো ডিপিন্দৰ গোৱেলৰ উদ্যোগৰ সৈতে জড়িত বুলি জানিব পৰা গৈছে।
অনুশীলনৰ সময়ত গিলে ইশান কিষাণ আৰু কে এল ৰাহুলৰ সৈতে নেটছত বেটিং কৰে। ইয়াৰ পূৰ্বে তেওঁ মুখ্য প্ৰশিক্ষক গৌতম গম্ভীৰৰ সৈতে শৃংখলাৰ প্ৰস্তুতি আৰু দলৰ সামগ্ৰিক পৰিকল্পনা সন্দৰ্ভত দীঘলীয়া আলোচনাত মিলিত হয়। অৱশ্যে, অনুশীলনৰ সময়ত ‘টেম্পল’ ডিভাইচটো ব্যৱহাৰ কৰাৰ উদ্দেশ্য সম্পৰ্কে গিলে এতিয়ালৈকে ৰাজহুৱাকৈ কোনো মন্তব্য কৰা নাই।
উল্লেখযোগ্য যে, ‘টেম্পল’ ডিভাইচটো এতিয়াও বজাৰত মুকলি কৰা হোৱা নাই। কপালৰ চকুৰ ঠিক ওপৰৰ অংশত পৰিধান কৰিবলগীয়া এই যন্ত্ৰটোৱে মস্তিষ্কলৈ তেজৰ প্ৰবাহ, স্নায়ুতন্ত্ৰৰ প্ৰতিক্ৰিয়া আৰু শাৰীৰিক পৰিশ্ৰমৰ সময়ত মানসিক চাপৰ মাত্ৰা নিৰীক্ষণ কৰিব পাৰে বুলি দাবী কৰা হৈছে। ইয়াৰ পূৰ্বে বেডমিণ্টন খেলুৱৈ পি ভি সিন্ধুৰ সৈতেও এই ডিভাইচটো দেখা গৈছিল।
সম্পূৰ্ণ সংবাদপত্ৰৰ ৰূপত আল্ট্ৰা-এইচডি জুম আৰু PDF ডাউনলোড সুবিধা।